পাঁচদিনত চতুৰ্থবাৰলৈ বৃদ্ধি পে’ট্ৰল-ডিজেলৰ মূল্য । শনিবাৰে পুৱা দেশত পুনৰ ৮০ পইচাকৈ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য ৷ ৰাজধানী দিল্লীত বৰ্তমান প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৯৮.৬১ টকা আৰু ডিজেলৰ মূল্য ৮৯.৮৭ টকালৈ বৃদ্ধি হয় ৷ প্ৰায় চাৰে চাৰি মাহৰ দীঘলীয়া ব্যৱধানৰ পাছত বিগত ২২ মাৰ্চত বৃদ্ধি পাইছিল পে’ট্ৰল-ডিজেলৰ মূল্য ।
২২-২৬ মাৰ্চ অৰ্থাৎ শনিবাৰৰ ভিতৰত একেৰাহে চতুৰ্থবাৰলৈ বৃদ্ধি পায় পেট্ৰ’ল-ডিজেলৰ মূল্য ৷ ইয়াৰ লগতে বিগত পাঁচদিনৰ ব্যৱধানত চতুৰ্থবাৰলৈ বৃদ্ধি পায় প্ৰতি লিটাৰ পেট্ৰ’ল-ডিজেলৰ মূল্য ৷
আনহাতে,সমান্তৰালভাৱে এই মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰিছে অসমতো ৷ গুৱাহাটী মহানগৰীত শনিবাৰে পুৱা প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৯৮.১০ টকা হোৱাৰ বিপৰীতে ডিজেলৰ দাম হয়গৈ প্ৰতি লিটাৰত ৮৪.১৯ টকা । বিপৰীতে শুকুৰবাৰৰ দিনটোত এই মূল্য আছিল ৯৭.২৩ টকা আৰু ডিজেলৰ মূল্য আছিল ৮৩.৩৮ টকা ।
মহানগৰীক বাদ দি ৰাজ্যৰ আন কেতবোৰ প্ৰান্ততো মূল্যবৃদ্ধি ঘটিছে ইন্ধনৰ ৷ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ, ঢকুৱাখানাত প্ৰতি লিটাৰ পেট্ৰ’লে শতকৰ ঘৰ স্পৰ্শ কৰাৰ সমান্তৰালকৈ মাজুলীতো প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম হৈছেগৈ ১০০ টকা ৷