ভূপেন বৰা এজন ৰাজনীতিবিদ নহয় তেওঁ ভাল কবি হ’ব পাৰিব। পীযুষ হাজৰিকাই ভূপেন বৰাক নতুন পেছা কবি হিচাপে শুভকামনা জনাইছে ।
ৰাইজৰ স্বাৰ্থত শাসকীয়, বিৰোধী উভয়ৰে ৰাজনৈতিক নেতাসকলে ইজনে আনজনক কটাক্ষ কৰা পৰিলক্ষিত হয় ৷ বুধবাৰে পুনৰবাৰ ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কটাক্ষ কৰে কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷
উল্লেখ্য যে, বুধবাৰে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ বাসগৃহত উপস্থিত হৈ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা এনেধৰণৰ মন্তব্য আগবঢ়ায় ৷
মাত্ৰ কেইদিনমান পূৰ্বে ভূপেন বৰাই নিজকে অগ্নি নিৰ্বাপক বাহিনী বুলি মন্তব্য কৰিছিল ৷ ইয়াৰ লগতে মুখ্যমন্ত্ৰীক কটাক্ষ কৰি এটা কবিতাও লিখিছিল তেওঁ ৷ ইপিনে এই মন্তব্যৰ পাছতেই মন্ত্ৰী হাজৰিকাই উভতি ধৰি ভূপেন বৰা পানী নথকা অগ্নি নিৰ্বাপক বাহিনী বুলি কটাক্ষ কৰে৷ ৷
ভূপেন বৰাই কোনো নিৰ্বাচনত জয়ী হ’ব নোৱাৰে বুলি জানি এতিয়া কবিতা লিখা আৰম্ভ কৰিছে ৷ লগতে বৰা এগৰাকী ফেইল পলিটিচিয়ান বুলিও সদৰী কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷
ইপিনে, ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰসংগ উত্থাপন কৰি মন্ত্ৰী গৰাকীয়ে দুয়োখন আসনতে জিকিব বুলি দাবী উত্থাপন কৰে ৷