ৰাজ্যত এতিয়া তুংগত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ। মন্ত্ৰী পীযুষ হাজৰীকাৰ নেতৃত্বত এটা বৃহৎ দলে বিগত ১০ দিন ধৰি ডিমা হাচাওত বাহৰ পাতি বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় আছে।
People's trust in HCM Dr @himantabiswa and his developmental initiative was palpable in Semkhor where I addressed a public rally in support of @BJP4Assam candidate Smt Ranu Langthasa for the upcoming NC Hills Autonomous Council elections.
Extended my gratitude and urged all to… pic.twitter.com/DnfgZKIg4w
— Pijush Hazarika (Modi ka Parivar) (@Pijush_hazarika) January 2, 2024
আজি চেমখৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ৰাণু লাংথাছাৰ হৈ এখনি নিৰ্বাচনী প্ৰচাৰ সম্বোধন কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে, ভিতৰুৱা অঞ্চলটোত কিছু সমস্যা আছে। ইতিমধ্যে বহু সমস্যা সমাধান হৈছে। অঞ্চলবাসীয়ে ভাৱে তেওঁলোকৰ যি সমস্যা আছে কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰেহে সমাধান কৰিব পাৰিব। লগতে তেওঁ কয় যে, পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোচাৰ নেতৃত্বত বিগত চাৰে সাত বছৰত যথেষ্ট উন্নয়নমূলক কাম হৈছে পৰিষদীয় অঞ্চলটোত। আগন্তুক তিনি বছৰত অঞ্চলটোত ৰাস্তা-ঘাটৰ ক্ষেত্ৰত যথেষ্ট উন্নয়ন হ’বলৈ গৈ আছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
মন্ত্ৰী হাজৰীকা আশাবাদী যে, ২৮টাৰ ২৮টা পৰিষদীয় সমষ্টিতে জয়ী হ’ব বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী। লগতে তেওঁ কয় যে, এইবাৰ পাহাৰৰ পৰা এটা বাৰ্তা যাব যে, পাহাৰ-ভৈয়াম সকলো একত্ৰিত হৈ সমূহ জনগণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড০ শৰ্মা তথা বিজেপিৰ লগত আছে।
আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰসংগত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চাৰে এঘাৰখন আসনত জয়ী হোৱাৰ যি মন্তব্য কৰিছিল, মোৰ মতে প্ৰায় ১২খন আসনত জয়ী হ’ব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী।