প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃটেইন-ভাৰতৰ সম্পৰ্কৰ এক অনুষ্ঠানত বিশেষভাৱে আমন্ত্ৰণ জনায় শাস্ত্ৰীয় নৃত্যশিল্পী তথা নৃত্য পৰিচালক মেনকা পি পি বৰাক। দিল্লীত অনুষ্ঠিত হোৱা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মেনকাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰাৰ লগতে যুৱ নেত্ৰী হিচাপে অংশগ্ৰহণ কৰে।
সত্ৰীয়া নৃত্য, ভাৰতনাট্যম আৰু কুচিপুড়িৰ নৃত্যপটীয়সী হোৱাৰ উপৰিও কেৰালাৰ সমৰনৃত্যকলা কলৰীপায়াট্টুৰ এগৰাকী শিল্পী। মেনকাই দীৰ্ঘদিন ধৰি ভাৰতৰ শাস্ত্ৰীয় নৃত্যৰ লগতে সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি আহিছে।
তেখেতে বৃটেইনৰ লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃতি আৰু গণসংযোগ বিভাগত গৱেষণা কৰি পি এইছ ডি লাভ কৰে।