বহু প্ৰতিক্ষাৰ অন্তত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ল লখিমপুৰ কেঞ্চাৰ হাস্পতালৰ কাম কাজ ৷ বুধবাৰে দেশৰ প্ৰধানমন্ত্ৰী আৰু প্ৰবীণ ব্যৱসায়ী ৰতন টাটাই ভাৰ্চুৱেলি শুভ উদ্বোধন কৰে লখিমপুৰ কেঞ্চাৰ হাস্পতালখন ।
মুকলিৰ এদিনৰ পাচতেই এই হাস্পতালৰ সেৱা আৰম্ভ কৰাত জিলাখনৰ লোকসকল উৎফুল্লিত হৈ পৰিছে ৷ এই হাস্পতালৰ সেৱা আৰম্ভ কৰাৰ প্ৰথমটো দিনতে তিনিজনকৈ কৰ্কট ৰোগীক ভৰ্তি কৰা হয় লখিমপুৰ কেঞ্চাৰ হাস্পতালত । নৱনিৰ্মিত হাস্পতালখনলৈ মুকলিৰ প্ৰথম দিনটোতেই অহা ৰোগীসকলক গামোচা পিন্ধাই আদৰণি জনাই হাস্পতাল কৰ্তৃপক্ষই ।
জানিব পৰা মতে,৪৫ খন বিছনাযুক্ত চিকিৎসালয়খনত ৪ গৰাকী চিকিৎসক, ১৭ গৰাকী নাৰ্চ আৰু ৩২ জন পেৰা মেডিকেল ষ্টাফক সম্প্ৰতি নিয়োগ কৰা হৈছে । দহ টকাৰ পঞ্জীয়ন মাচুলৰ বিনিময়ত ৰোগী ভৰ্তি হ’ব পাৰিব বুলি উল্লেখ কৰে হাস্পতালখনৰ অধীক্ষক গৰাকীয়ে ৷ লগতে তেওঁ ৰোগীসকলে এম্বুলেন্স সেৱাও বিনামূলীয়া লাভ কৰিব বুলি উল্লেখ কৰে ৷