ৰাজ্যৰ চৌদিশে আৰম্ভ হৈছে ৰঙালীৰ উছাহ । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰযোগে অসমবাসীক ব’হাগ বিহুৰ শুভেচ্ছা জনাইছে । টুইটযোগে অসমীয়া ভাষাতে বহাগ বিহুৰ শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে, এই বিশেষ উৎসৱে অসমৰ সংস্কৃতি প্ৰদৰ্শন কৰি আহিছে । এই বিহুৱে সকলোৰে জীৱনত সুখ-সমৃদ্ধি কঢ়িয়াই আনিব বুলিও তেওঁ আশা প্ৰকাশ কৰে ।
ব’হাগ বিহুৰ সমান্তৰালকৈ পুথাণ্ডু, ওড়িয়া নৱবৰ্ষ আৰু বৈশাখীৰো শুভেচ্ছা জ্ঞাপন কৰে । তামিলনাডুৰ ৰাইজে পালন কৰা পুথাণ্ডুৰ শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, আগন্তুক বছৰটো সকলোৰে বাবে সফলতা আৰু সুখেৰে ভৰি পৰক । তামিল ভাই-ভনীসকলৰ সকলো আকাংক্ষা পূৰণ হোৱাৰ আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে ।ইফালে ওড়িয়া নৱবৰ্ষ আৰু মহা বিশুবা পানা সংক্ৰান্তিৰ শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন বছৰটো সুখেৰে ভৰি থাকক । সমাজত ভাতৃত্ববোধ বৃদ্ধি হোৱাৰ লগতে আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে । বৈশাখী উপলক্ষে প্ৰধানমন্ত্ৰী মোডীয়ে শুভেচ্ছাবাণী প্ৰেৰণ কৰে । সকলোকে বৈশাখীৰ শুভেচ্ছা জনায় প্ৰধানমন্ত্ৰী মোডীয়ে ।