সোমবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’বাইডেনৰ সৈতে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক অধিক উন্নত কৰাৰ স্বাৰ্থত বৈঠকত মিলিত হ’ব ৷ এই বৈঠক ভাৰ্চুৱেলী অনুষ্ঠিত হ’ব ৷ এই বৈঠকত স্থান পাব লগীয়া বিষয়সমূহ ক্ৰমে, ক’ভিড-১৯ মহামাৰীৰ সংক্ৰমণৰ প্ৰায় শেষ পৰ্যায়,জলবায়ু সংকটৰ সৈতে মোকাবিলা,বিশ্ব অৰ্থনীতি শক্তিশালী কৰা,ভাৰত-প্ৰশান্ত মহাসাগৰত নিৰাপত্তা বৃদ্ধিৰ দৰে বিষয়সমূহে ৷
উল্লেখ্য যে, দুয়োগৰাকী নেতাই এক ইণ্ডো-পেচিফিক ইক’ন’মিক ফ্ৰেমৱৰ্কৰ বিকাশ আৰু উচ্চ মানদণ্ডৰ আন্তঃগাঁথনি প্ৰদানৰ ক্ষেত্ৰত মন্তব্য আগবঢ়াব । ৰাষ্ট্ৰপতি বাইডেনে ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ যুদ্ধৰ পৰিণাম আৰু বিশ্বব্যাপী খাদ্য যোগান আৰু সামগ্ৰীৰ বজাৰত ইয়াৰ প্ৰভাৱ হ্ৰাস কৰাৰ সন্দৰ্ভত পৰামৰ্শ প্ৰদান কৰিব ৷
হোৱাইট হাউচৰ প্ৰেছ সচিবে এক বিবৃতিত এই কথা উল্লেখ কৰে ৷ বিবৃতিত উল্লেখ কৰা অনুসৰি, বাইডেনে শেহতীয়াকৈ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে বাৰ্তালাপত মিলিত হৈছিল ৷ এই বৈঠকখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লগতে বৈদেশিক সচিব এণ্টনি ব্লিংকেন, প্ৰতিৰক্ষা সচিব লয়ড অষ্টিন, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড৹ এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মাজত অনুষ্ঠিত হ’ব ৷