কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁড় হত্যা । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাজিৰঙা বনাঞ্চলৰ শিলখুন্দা বন শিবিৰ এলাকাত উদ্ধাৰ হৈছে এটা মৃত গঁড় ।
উল্লেখ যে, চোৰাং চিকাৰীয়ে গঁড়টো হত্যা কৰাৰ সন্দেহ কৰা হৈছে । জানিব পৰা মতে, মৃত গঁড়টোৰ শৰীৰৰ পৰা ইতিমধ্যে কাটি নিয়া হৈছে খৰ্গ । সম্প্ৰতি ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হোৱা বুলি জানিব পৰা গৈছে ৷
ঘটনা অনুসৰি , বুধবাৰৰ নিশা প্ৰায় ৮:৪৫ বজাত বনৰক্ষী সকলে গুলীৰ শব্দ শুনিবলৈ পাইছিল । ইয়াৰ পিছত মৃত গঁড়টো উদ্ধাৰ কৰি এতিয়া চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান আৰম্ভ হৈছে । চলিত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এয়া প্ৰথমটো গঁড় হত্যাৰ ঘটনা।
উল্লেখ যে, বিগত বৰ্ষত গড় হত্যাৰ সংখ্যা যথেষ্ট কম হোৱা বাবে ইংলেণ্ডৰ ক্রিকেটাৰ কেভিন পিটাৰচেনে টুইটাৰযোগে দেশৰ প্ৰধানমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছিল। কিন্তু চলিত বৰ্ষৰ এই গড় হত্যা যথেষ্ট চিন্তনীয় বিষয় হৈ পৰিছে।