দৰঙৰ দলগাঁৱত এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে । দৰং জিলা আৰক্ষী আৰু দলগাঁও আৰক্ষীৰ যুটীয়া সহযোগত এজন দুধৰ্ষ চোৰাংচিকাৰী আটক হয় ।চোৰাংচিকাৰী জনৰ ভাষ্য মতে, আৰক্ষীৰ বেষ্টনীৰ পৰা পলাবলৈ লওঁতে আৰক্ষীয়ে চোৰাংচিকাৰী জনৰ ভৰিলৈ লক্ষ্য কৰি গুলী কৰে । চোৰাংচিকাৰী জনৰ নাম আব্দুল মতিন ওৰফে কালাই বুলি ইতিমধ্যে জানিব পৰা গৈছে ।চিকাৰীজনে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষত ধনশ্ৰী নৈৰ পাৰত এটা •৩০৩ ৰাইফল পুতি ৰখা বুলি কোৱাত আৰক্ষীয়ে নিশা তালাচী চলোৱাৰ সময়ত সুশীল বৰুৱা নামৰ ইউ বি চিপাহীজনক বুকুত ঘুচিয়াই আঘাতপ্ৰাপ্ত কৰি আব্দুল মতিন ওৰফে কালা পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে চোৰাংচিকাৰী জনৰ ভৰিত গুলীচালনা কৰে৷ ঘটনাত আহত চিপাহী জনৰ সৈতে চোৰাংচিকাৰীজনক মংগলদৈ চিভিল হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে৷ উল্লেখ্য যে অসম আৰক্ষীয়ে ৫ লাখ টকা পুৰস্কাৰ ঘোষণা কৰা দুৰ্ধৰ্ষ গঁড় চিকাৰী আব্দুল মতিন ওৰফে কালাক পৰহি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ পৰা এটা ৰাইফলৰ সৈতে গ্ৰেপ্তাৰ কৰাৰ কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰে দৰং জিলা অতিৰিক্ত আৰক্ষী অধিক্ষক নিৰুপম হাজৰিকাই ।