- গোলকগঞ্জত আৰক্ষীয়ে অভিযান চলায়।
- লক্ষীমাৰীৰ কানুৰী ঘাটপাৰত চলোৱা এই অভিযানত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে আৰক্ষীয়ে।
- গোলকগঞ্জ থানাৰ এটি আৰক্ষীৰ দলে কানুৰী ঘাটপাৰৰ কানাই চৌহানৰ ঘৰত অভিযান চলাই জব্দ কৰে ২০ কাৰ্টুন বিলাতী সুৰা।
- আৰক্ষী অহা বুলি জানিব পাৰি কানাই চৌহানে পলায়ন কৰে।
- উল্লেখ্য যে, কানাই চৌহানে বিগত বহুদিন ধৰি ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত বিলাতী সুৰাৰ চোৰাং অবৈধ বেহা চলাই থকাৰ অভিযোগ উখাপিত হৈছে।