ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই বহুটো লোকক আটক কৰিছে। কিন্তু, তথাপিও যেন অপৰাধীৰ অপৰাধ কমা নাই। শুক্ৰবাৰে পুনৰ গহপুৰ আৰক্ষীয়ে গহপুৰৰ ককিলা নাহৰণিত অভিযান চলাই প্ৰায় ৬০ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে, গাঞ্জা খিনিৰ বজাৰ মূল্য আনুমানিক ২০ লাখ টকা হ’ব। বৃহত্ পৰিমাণৰ গাঞ্জা খিনিৰ লগতে জয়ন্ত চুতীয়া নামৰ গাঞ্জা ব্যৱসায়ীগৰাকীকে আটক কৰিবলৈ সক্ষম হৈছে। গহপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া সুশীল কুমাৰ দত্তৰ নেতৃত্বত চলোৱা এই অভিযানত খেৰৰ মেজিৰ তলত লুকুৱই ৰখা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে গাঞ্জাখিনি।