জনতাৰ মূৰত পুনৰ মূলবৃদ্ধিৰ মাধমাৰ । উৎকট গৰমৰ মাজতে ১ এপ্ৰিলৰ পৰা ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুৎ মাচুল । ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিৰিখ ।
সোমবাৰে এক সংবাদমেল সম্বোধন কৰি প্ৰতি ইউনিটৰ মাছুল ৫৯ পইচাকৈ বৃদ্ধিৰ কথা ঘোষণা কৰে অসম বৈদ্যুতিক নিয়ামক আয়োগৰ (আসাম ইলেক্টিচিটি ৰেগুলেটৰী কমিটিৰ চেয়াৰপাৰ্চন) অধ্যক্ষ সঞ্জয় কৃষ্ণই । তেওঁ কয় যে, প্ৰতিবছৰ পহিলা এপ্ৰিলত বৃদ্ধি কৰা হয় বিদ্যুতৰ মাচুল । ২০২০-২১ বৰ্ষৰ কোম্পানীৰ কামৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰণ কৰা হৈছে এই নিৰিখ ।
উল্লেখ্য যে,২০২০-২১ বর্ষত ক’ভিডৰ বাবে যথেষ্ট প্ৰভাৱ পৰিছিল বিদ্যুৎ বিভাগত। বিগত ২টা বছৰত ৭৮০ কোটি টকাৰ লোকচান হৈছিল ।
পূৰ্বৰ লোকচান পুনৰ ঘূৰাই অনাৰ বাবে বৃদ্ধি কৰা হৈছে প্ৰতি ইউনিটত ৫৯ পইচকৈ । তাৎপৰ্যপূৰ্ণ কথা যে গৰমৰ সময়ত জনতাই অধিক ব্যয় কৰে বিদ্যুৎ। ৰাজ্যৰ অধিকাংশ অঞ্চলতে প্ৰয়োজন মতে উপলব্ধই নহয় বিদ্যুৎ। কিন্তু তাৰ পাছতো জনতাৰ মূৰত পুনৰ মাধমাৰ সোধাই বিভাগে সিদ্ধান্ত ল’লে মাচুল বৃদ্ধিৰ ।