ডিব্ৰুগড় জিলাৰ লাহোৱালৰ পৰা প্ৰকাশিত একমাত্ৰ কাব্য আলোচনী প্ৰজন্ম (সভ্যতাৰ সোপান ) ৰ দ্বাৰা প্ৰদান কৰা প্ৰজন্ম কাব্য বঁটা, ২০২২ অলপতে ঘোষণা কৰা হয়। ২০২২ বৰ্ষত পোনপ্ৰথমবাৰৰ বাবে প্ৰদান কৰিবলগীয়া এই বঁটাৰ বাবে বিশিষ্ট কবি “প্লাষ্টিকৰ পৃথিৱী” কাব্যগ্ৰন্থৰ স্ৰষ্টা অৰূপজ্যোতি হাজৰিকাক নিৰ্বাচিত কৰা হৈছে।
উল্লেখ্য যে স্কুলীয়া জীৱনৰে পৰা সাহিত্য চৰ্চা কৰি অহা হাজৰিকাৰ ইতিমধ্যে ত্ৰিশখনৰো অধিক গ্ৰন্থ প্ৰকাশ পাইছে। অহা এক মে তাৰিখে অনুষ্ঠিত হবলগীয়া প্ৰজন্ম (সভ্যতাৰ সোপান ) কাব্য আলোচনীৰ বিশেষ অনুষ্ঠানত কবিগৰাকীক প্ৰজন্ম কাব্য বঁটা, ২০২২ প্ৰদান কৰা হব বুলি প্ৰজন্ম কাব্য আলোচনীৰ সম্পাদক গৌৰিত গগৈয়ে সংবাদ মাধ্যমক জনাইছে।