লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা উচ্ছেদিত হৈ জানজুৰ আশ্ৰয় শিৱিৰত বসবাস কৰা এগৰাকী ৮ মহীয়া গৰ্ভৱতী মহিলাৰ মৃত্য হয়।
পিছত, জৰুৰীকালীন ভাৱে ব্যৱহৃত এম্বুলেন্স বাহন গৈ মৃত মহিলাগৰাকীক জানজুৰ পৰা লংকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ অনা পথত আধা বাটতেই মৃত্যু হয় । মৃত মহিলাগৰাকীৰ নাম আশ্বীনা বেগম বুলি জানিব পৰা গৈছে ।
হোজাই জিলা প্ৰশাসন তথা চৰকাৰে পৰ্যাপ্ত পৰিমানৰ সুবিধা লামডিং বনাঞ্চলৰ উচ্ছেদিত লোকসকলৰ শিবিৰত নিদিয়াৰ অভিযোগ কৰিছে শিবিৰত বসবাস কৰি থকা লোকসকলে ।
উল্লেখ্য যে, নবেম্বৰ মাহত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি হোজাই বনবিভাগে জিলা প্ৰশাসনৰ সহযোগত লামডিং বনাঞ্চলৰ চৰকাৰী ভূমিত বসবাস কৰি থকা লোকসকলক উচ্ছেদ কৰিছিল ।
উক্ত উচ্ছেদিত লোকসকলৰ কিছু লোকক প্ৰশাসনে নখুটীৰ জানজুত আৰু আন কিছু লোকক চাংমাজিত সংস্থাপন দিছিল।
এনেদৰে লামডিং বনাঞ্চলত উচ্ছেদ কৰি চৰকাৰে সংখ্যালঘু লোকসকলক নিৰ্জাতন আৰু নিশেষ কৰাৰ যি পৰিকল্পনা আছিল, সেই উদ্দেশ্য পূৰ হোৱা বুলি মত ব্যক্ত কৰে আমছুৰ হোজাই জিলা সমিতিৰ মূখ্য উপদেষ্টা মনোৱাৰ হুছেইনে।
বৰ্তমানলৈকে জানজু আৰু চাংমাজিৰ আশ্ৰয় শিবিৰত সৰ্বমুঠ ৫ জন লোকৰ মৃত্যু হৈছে। ইপিনে চিকিৎসাৰ লগতে পৰ্যাপ্ত পৰিমানৰ সা-সুবিধা আশ্রয় শিবিৰত দিবলৈ আহ্বান কৰে হোজাই জিলাৰ আমছুৰ।