নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ পিছতে পুনৰ বিৰোধীৰ বিৰুদ্ধে সৰৱ হোৱা দেখা গ’ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। বিজেপিৰ মুখ্য কাৰ্যালয়ত হাজাৰ হাজাৰ দলীয় কাৰ্যকৰ্তাক সম্বোধন কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। উত্তৰ প্ৰদেশত শোচনীয় ভাৱে পৰাজয় হোৱা কংগ্ৰেছৰ লগতে সমাজবাদী পাৰ্টীকো নাম নোলোৱাকৈয়ে কটাক্ষ কৰিলে মোদীয়ে।
উল্লেখ্য যে, যাদৱ পৰিয়ালৰ লগতে গান্ধী পৰিয়াল বিজেপিৰ বিৰুদ্ধে সৰ্বশক্তিৰে অৱতীৰ্ণ হৈছিল নিৰ্বাচনত। প্ৰাক্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱৰ পুত্ৰ তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ সিং যাদৱে এইবাৰ উত্তৰ প্ৰদেশত পুনৰ চৰকাৰ গঠনৰ দাবী কৰিছিল।
সেইদৰে, কংগ্ৰেছেৰ প্ৰিয়ংকা গান্ধীৰ নেতৃত্বত উত্তৰ প্ৰদেশত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছিল। কিন্তু, উত্তৰ প্ৰদেশৰ জনতাই যাদৱ পৰিয়াল আৰু গান্ধী পৰিয়ালৰ আহ্বানক সঁহাৰি নজনালে। ইয়াৰ বিপৰীতে, পুনৰ যোগী আদিত্যনাথৰ চৰকাৰ আৰু বিজেপিক সমৰ্থন জনাই একক সংখ্যাগৰিষ্ঠতা প্ৰদান কৰিলে উত্তৰ প্ৰদেশৰ জনতাই।
ইয়াৰ পিছতেই ৰাজ্যখনৰ জনতাক ধন্যবাদ জ্ঞাপন কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে ক’লে, “এইবাৰৰ নিৰ্বাচনী ফলাফলে পুনৰ প্ৰমাণ কৰিলে দেশৰ জনগণে পৰিয়ালতন্ত্ৰ নিবিচাৰে। কাৰণ, পৰিয়ালতন্ত্ৰই ৰাজত্ব চলোৱা ৰাজ্য সমূহত জনগণৰ বিকাশ হোৱা নাই। মই ব্যক্তিগতভাৱে কোনো পৰিয়ালৰ বিৰোধী নহয়। কিন্তু, মই পৰিয়ালতন্ত্ৰৰ সলনি গণতন্ত্ৰকহে বিচাৰো আৰু এইবাৰৰ নিৰ্বাচনী ফলাফলৰ জৰিয়তে দেশৰ জনগণে পৰিয়ালতন্ত্ৰৰ সূৰ্যাস্তৰ ইংগিত দিলে।”