আজিৰে পৰা ডেৰ বছৰ পূৰ্বে সন্দিকৈ মহাবিদ্যালয়ৰ ৩গৰাকীকৈ ছাত্ৰীয়ে মহাবিদ্যালয়খনৰ কম্পিউটাৰ বিভাগৰ প্ৰবক্তা মানস গগৈৰ বিৰুদ্ধে যৌন নিযাতনৰ অভিযোগ আনিছিল ৷ প্ৰবক্তাগৰাকীয়ে ছাত্ৰীকেইগৰাকীলৈ দিয়া অশ্লীল হোৱাটছএপ মেছেজ ভাইৰেল হৈছিল সেই সময়ত ৷
উল্লেখ্য যে,ছাত্ৰীকেইগৰাকীৰ অভিযোগৰ পিছতে প্ৰবক্তাগৰাকীক তাৎক্ষণিকভাবে নিলম্বন কৰি ৩মাহৰ ভিতৰত তদন্ত সমিতিয়ে প্ৰতিবেদন দাখিল কৰাৰ কথা মহাবিদ্যলয়খনৰ কৰ্তৃপক্ষই ঘোষণা কৰিছিল ৷ কিন্ত প্ৰায় ডেৰটা বছৰ পিছত হঠাৎ পুনৰ মানস গগৈয়ে মহাবিদ্যলয়খনত যোগদান কৰাৰ খবৰ পোৱাৰ লগে লগে জাঙুৰ খাই উঠিল মহাবিদ্যালয়খনৰ ছাত্ৰীসকল ৷
সোমবাৰে পুৱা প্ৰবক্তা মানস গগৈক স্থায়ীভাৱে নিলম্বনৰ দাবীৰে হাতে হাতে প্লেকাৰ্ড লৈ একাংশ ছাত্ৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ছাত্ৰীসকলৰ স্পষ্ট কথা কোনোপধ্যে পুনৰ যোগদান কৰিব দিয়া নহ’ব প্ৰবক্তা মানস গগৈক ৷ প্ৰয়োজনত আইনী প্ৰক্ৰিয়া গ্ৰহণ কৰিবলৈয়ো সাজু মহাবিদ্যালয়খনৰ প্ৰতিবাদী ছাত্ৰীসকল ৷
ইপিনে প্ৰবক্তা মানস গগৈৰ মহাবিদ্যালয়খনত পুনৰ যোগদানৰ কথা কোনো প্ৰকাৰে জ্ঞাত নহয় বুলি কলে মহাবিদ্যালয়খনৰ উপাধ্যক্ষগৰাকীয়ে ৷ দীৰ্ঘ সময় প্ৰতিবাদৰ অন্তত ছাএীসকলে প্ৰবক্তা মানস গগৈৰ স্থায়ীভাৱে নিলম্বনৰ দাবী উত্থাপন কৰি মহাবিদ্যালয়খনৰ উপাধ্যক্ষৰ হাতত এখন পত্ৰও দাখিল কৰে