বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ পাঠদান সমূহ বন্ধ হৈ আছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰথম আৰু তৃতীয় ষাণ্মাসিকৰ পৰীক্ষা পিছুৱাই দিয়াৰ দাবীত ছাত্ৰ-ছাত্ৰীসকলে শুকুৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ সম্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
শুকুৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়খনৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ কেইবাশতাধিক স্নাতকোত্তৰ প্ৰথম আৰু তৃতীয় ষাণ্মাসিকৰ পৰীক্ষাৰ্থীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ মুখ্যদ্বাৰ বন্ধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
উল্লেখযোগ্য যে, প্ৰতিবাদকাৰী পৰীক্ষাৰ্থীসকলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ হায় হায়, বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মইমতালি নচলিব, পৰীক্ষাৰ্থীৰ দাবী মানি লওক আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে ।উল্লেখ্য যে, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অহা শণিবাৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰথম আৰু তৃতীয় চেমিষ্টাৰৰ পৰীক্ষাৰ সময়সূচী নিৰ্দ্ধাৰণ কৰিছে । প্ৰতিবাদত অংশগ্ৰহণ কৰা পৰীক্ষাৰ্থীসকলে কয় যে, ক’ভিড পৰিস্থিতিৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰথম আৰু তৃতীয় চেমিষ্টাৰৰ পৰীক্ষা ১৫-২০ দিন পিছুৱাই দিয়াৰ বাবে বহু আবেদন নিবেদন কৰা হৈছে যদিও বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গুৰুত্ব দিয়া নাই । যাৰবাবে পৰীক্ষাৰ্থীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈছে ।