বুধবাৰে ১১ দিনত ভৰি দিলে পঞ্চায়ত কৰ্মীৰ অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীয়ে ।
এই আন্দোলনৰ প্ৰতি আজিলৈকে চৰকাৰে কোনো গুৰুত্ব দিয়া নাই। কোলাত কেঁচুৱা লৈ প্ৰতিবাদত বহিল মহিলা কৰ্মচাৰী ।
GRS,কম্পিউটাৰ সহায়কৰ লগতে বিভিন্ন কৰ্মচাৰীৰ প্ৰতিবাদত সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰিল সকলো কামকাজ ।
অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিয়োজিত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ প্ৰাপ্য দাবীত দৰং জিলা পৰিষদ কাৰ্যালয়ত ৰূপায়ন কৰা হয় এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ।
- ৬০ বছৰলৈ চাকৰি সুনিশ্চিত কৰক ।
- সকলো কৰ্মচাৰীৰ ROP ব্যৱস্থা কৰক ।
- সকলো কৰ্মচাৰীৰ সম কামৰ সম-বেতন নীতি প্রযোজ্য কৰক।
- চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰা সকলো সা-সুবিধা প্ৰদান কৰক ।
ইয়াৰ উপৰি বিভাগত খালী হোৱা প্ৰতিটো পদৰ বিপৰীতে অভিজ্ঞতা /যোগ্যতা অনুসৰি ঠিকাভিত্তিক কৰ্মচাৰী সকলক বিভাগীয়ভাৱে পৰীক্ষা পাতি নিযুক্তি প্ৰদান কৰৰ দাবীত দৰং জিলা পৰিষদৰ কাৰ্যলয়ত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ হয়।