• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

প্ৰতিবাদমুখৰ দেশ-ৰাজ্যঃ মোডী-শৰ্মা চৰকাৰলৈ ৰাইজৰ সতৰ্কবাণী !

নিউজ ডেস্ক by নিউজ ডেস্ক
March 30, 2022
in News, অসম, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
প্ৰতিবাদমুখৰ দেশ-ৰাজ্যঃ মোডী-শৰ্মা চৰকাৰলৈ ৰাইজৰ সতৰ্কবাণী !
Share on FacebookShare on Twitter

শেহতীয়াকৈ দেশ তথা ৰাজ্যত ধাৰাবাহিক আন্দোলনে মূৰ দাঙি উঠিছে৷ বিশেষকৈ শ্ৰমিক কৰ্মচাৰীসকলে এই আন্দোলনবোৰৰ নেতৃত্ব লৈছে। দুদিনীয়াকৈ ট্ৰেড ইউনিয়নসমূহে দিয়া ভাৰত বন্ধৰ প্ৰতি বেংক বিষয়া কৰ্মচাৰী আৰু মটৰ শ্ৰমিকসকলে আগবঢ়োৱা সমৰ্থন তাৎপৰ্যপূৰ্ণ৷ মূলতঃ শ্ৰম আইন সংশোধন আৰু ব্যক্তিগতকৰণৰ বিৰুদ্ধে হোৱা এই ভাৰত বন্ধৰ উদ্দেশ্যৰ সৈতে বেংকৰ বিষয়া কৰ্মচাৰী আৰু মটৰ শ্ৰমিকসকলে একান্ততা বোধ কৰাটো স্বাভাৱিক৷ বেংক ব্যক্তিগতকৰণৰ বিৰুদ্ধে বিষয়া কৰ্মচাৰীসকল দীৰ্ঘদিনৰপৰা সংগ্ৰাম কৰি আহিছে৷

অসমত এই বন্ধক সমৰ্থন জনাই মটৰ শ্ৰমিকসকলে চকা বন্ধ কৰিছিল যাৰ অন্যতম দাবী আছিল অত্যধিক জৰিমনা আৰোপ বন্ধ কৰা৷ বিগত দিনকেইটাত আইন ভংগৰ অপৰাধত জাপি দিয়া জৰিমনাৰ বোজাই সৰ্বসাধাৰণৰ লগতে মটৰ পৰিবহন খণ্ডকো আক্ৰান্ত কৰিছে ৷ আনকি দৰিদ্ৰ চালকে জৰিমনাৰ পৰিমাণ শুনি হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল’ব লগা হৈছে৷

এই ভাৰত বন্ধৰ প্ৰভাৱ বিৰোধী শাসিত ৰাজ্যবোৰত সফল আছিল। আনকি অসমৰ দৰে বিজেপিশাসিত ৰাজ্যতো ইয়াৰ প্ৰভাৱ লক্ষ্যণীয় আছিল। মাত্ৰ কিছুদিন আগলৈকে বিৰোধ অসম্ভৱ যেন লগা দেশত এতিয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ হোৱাটো তাৎপৰ্যপূৰ্ণ৷

একেদৰে অসমতো অলপতে টেট উত্তীৰ্ণ শিক্ষকসকলে নিযুক্তি বিচাৰি ৰাজধানীত বিশাল প্ৰতিবাদ কৰিছিল৷ মধ্যাহ্ন ভোজনত কৰ্মৰত ৰান্ধনী সহায়িকাসকলেও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আৰক্ষীৰে হতাহতিতো লিপ্ত হৈছিল৷ তেওঁলোকৰ প্ৰশ্ন, যদি চৰকাৰে মাইক্ৰ’ফাইনেন্সৰ ঋণগ্ৰস্ত মহিলাক বিশাল ধন ব্যয় কৰি ৰেহাই দিব পাৰে তেন্তে প্ৰচুৰ শ্ৰমৰ বিনিময়ত তেওঁলোকক প্ৰাপ্য আদায় কিয় দিব নোৱাৰে ? টেট শিক্ষকসকলৰ প্ৰশ্ন, একে যোগ্যতাৰে আনে স্থায়ী নিযুক্তি যদি পায় তেওঁলোকৰ কিয় নহয়?

এনেধৰণৰ প্ৰশ্নবোৰ যেন লাহে লাহে তীব্ৰ হৈ আহিছে৷ আজিৰ তাৰিখত হয়তো নিৰ্বাচনী বিপৰ্যয়ৰ ভয় বিজেপি চৰকাৰৰ নাই যদিও প্ৰশ্নবোৰ ধাৰাবাহিক যিমানেই হৈ থাকিব সিমানেই ইয়াৰ চোক বাঢ়িব৷ ভাৰতত ভোটাৰে বহু শক্তিশালী শাসককো ক্ষমতাচ্যুত কৰাৰ ইতিহাস আছে ৷ মূল্যবৃদ্ধি, সংস্থাপনহীনতাৰ দৰে সমস্যাক ধৰ্মীয় মেৰুকৰণেৰে সদায় ঢাকি থ’ব পৰা নাযায়। শেহতীয়া আন্দোলনলানি চৰকাৰলৈ এক সতৰ্কবাণী বুলি গণ্য কৰিব পাৰি।
মুক্ত মনক সঁজাত বন্দী কৰি ৰখাটো সম্ভৱ নহয়…জুবিনে কিয় ক’লে

মুক্ত মনক সঁজাত কেতিয়াও বন্দী কৰি ৰাখিব নোৱাৰি, এই কথা লিখিলে জুবিন গাৰ্গে। দেৱাল অংকনৰ বাবে অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চিত্ৰ শিল্পী নীলিম মহন্তৰ মুক্তিৰ দাবী তুলিলে জুবিনে। ফেচবুকত তেওঁ লিখিছে- “Free souls cannot be stopped in cages. Release Neelim” এই কথা লিখাৰ লগতে নীলিমৰ দেৱাল অংকনৰ ফটো এখনো কণ্ঠশিল্পীগৰাকীয়ে শ্বেয়াৰ কৰিছে।

no more dams বুলি লিখিয়ে জগৰ লগালে প্ৰতিশ্ৰুতিসম্পন্ন নীলম মহন্ত নামৰ যুৱ শিল্পীগৰাকীয়ে। যাৰ বাবে লখিমপুৰৰ ঘৰৰ পৰা উঠাই নিয়া হ’ল ইটানগৰলৈ।নীলিমৰ গ্ৰেপ্তাৰত বিভিন্ন দল-সংগঠন, ব্যক্তিয়ে বিভিন্ন মাধ্যমেৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল।

উল্লেখ্য যে, ৰাইজ তথা দল সংগঠনৰ প্ৰৱল প্ৰতিবাদৰ ফলত নীলম মহন্তই মঙ্গলবাৰে আবেলি জামিন পাবলৈ সক্ষম হয়।

Previous Post

অসমবাসীলৈ বিহুৰ উপহাৰ! ৰাজ্যৰ সকলো টোল গেটৰ কৰ বৃদ্ধি

Next Post

মুক্ত মনক সঁজাত বন্দী কৰি ৰখাটো সম্ভৱ নহয়…জুবিনে কিয় ক’লে

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
মুক্ত মনক সঁজাত বন্দী কৰি ৰখাটো সম্ভৱ নহয়…জুবিনে কিয় ক’লে

মুক্ত মনক সঁজাত বন্দী কৰি ৰখাটো সম্ভৱ নহয়…জুবিনে কিয় ক’লে

নগাঁওবাসীক কি ভাল খবৰ দিলে মোদী চৰকাৰে?

নগাঁওবাসীক কি ভাল খবৰ দিলে মোদী চৰকাৰে?

ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8