কিছুদিন ধৰি ৰাজ্যত এনকাউণ্টাৰৰ চৰ্চা সঘনাই চলি থকা পৰিলক্ষিত হৈছে।
ইতিমধ্যে সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা নগাঁৱৰ প্ৰাক্তন ছাত্ৰনেতা কীৰ্তিকমল বৰাক গুলীওৱা ঘটনাৰ তদন্ত আৰম্ভ হৈছে ।
শনিবাৰে নগাঁৱত সংঘটিত হৈছিল বহু বিতর্কিত এনকাউণ্টাৰ । এই এনকাউণ্টাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা আয়ুক্ত পৰ্যায়ৰ তদন্ত ইতিমধ্যে আৰম্ভ হৈছে ৷ উল্লেখযোগ্য যে, ঘটনা সন্দৰ্ভত তদন্তৰ দায়িত্ব অৰ্পণ কৰা অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে GMCH ত চিকিৎসাধীন হৈ থকা গুলীবিদ্ধ ছাত্ৰ নেতা কীৰ্তিকমল বৰাক সাক্ষাৎ কৰি তেওঁৰ ভাষ্য গ্ৰহণ কৰিছে।
ইপিনে,নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কীৰ্তিকমল বৰা ড্ৰাগছৰ সৈতে জড়িত আৰু আৰক্ষীক আক্ৰমণ কৰাৰ বাবে গুলীচালনা কৰা বুলি মন্তব্য কৰিছে।