শুক্ৰবাৰে সংঘটিত হোৱা পাটিয়ালৰ হিংসাত্মক ঘটনাৰ পাছতে পাঞ্জাৱ চৰকাৰৰ গৃহ বিভাগে ইতিমধ্যে জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা। শনিবাৰৰ পৰা পুৱা ৯.৩০ বজাৰ পৰা ৬.৩০ বজালৈ বন্ধ থাকিব ইন্টাৰ্নেট ব্যৱস্থা।
উল্লেখ যোগ্য যে, পাটিয়ালাত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পাছতে পঞ্জাৱ চৰকাৰে কেইবাগৰাকীও আৰক্ষী বিষয়াক বদলি কৰি উক্ত স্থানত অন্য আৰক্ষী বিষয়াক নিযুক্তি দিয়া বুলি জানিব পৰা গৈছে।