আজি ৰাজধানী দিল্লীত মূল্যবৃদ্ধি, জি.এছ.টি আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ অপপ্ৰয়োগৰ বিৰুদ্ধে কংগ্ৰেছে বিশাল প্ৰতিবাদ সাব্যস্ত কৰে। যন্তৰ মন্তৰত কংগ্ৰেছৰ এই প্ৰতিবাদৰ বাবে অনুমতি প্ৰদান কৰা হৈছিল। কিন্তু, অন্য স্থান সমূহত ১৪৪ ধাৰা জাৰি কৰা হৈছিল।
প্ৰতিবাদৰ মাজতে ৰাহুল গান্ধীৰ লগতে প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীসকলে ৰাষ্ট্ৰপতি ভৱনৰ দিশে গতি কৰে। প্ৰতিবাদী সমদলটো বিজয় চ’ক পোৱাৰ লগে লগে আৰক্ষীয়ে ৰাহুল গান্ধী আৰু প্ৰতিবাদকাৰী সকলক বাধা প্ৰদান কৰে আৰু প্ৰতিবাদকাৰীৰ মাজৰ পৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক আটক কৰে।
আনফালে, অসমতো দেখা গ’ল অনুৰূপ ঘটনা। ৰাজভৱন ঘেৰাও কৰিব যোৱা প্ৰদেশ কংগ্ৰেছৰ নেতা তথা কংগ্ৰেছ কৰ্মীসকলক ৰাজভৱন পোৱাৰ পূৰ্বেই বাধা দিয়াৰ লগতে আটক কৰে আৰক্ষীয়ে।