প্ৰায় তিনি ঘণ্টা জেৰাৰ অন্তত,, ইডিৰ কাৰ্যালয়ৰ পৰা ঘৰলৈ উভতিল ৰাহুল গান্ধী । কংগ্ৰেছ নেতাজনক তিনি ঘণ্টাধৰি দুটা ভাগত বিভিন্ন প্ৰশ্ন কৰা হৈছিল। কিন্তু আজিয়েই ৰাহুলে তৃতীয় পৰ্যায়ত ইডিৰ প্ৰশ্নৰ সন্মুখীন হোৱাৰ বাবে পুনৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ব লাগিব।
সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, দিনটোৰ প্ৰথমে, ৰাহুলৰ বেংক একাউণ্টৰ সবিশেষ তথ্যকে ধৰি সম্পত্তিৰ বিৱৰণ আৰু দেশ-বিদেশত থকা বিভিন্ন সম্পত্তিৰ হিচাপ বিচাৰিছে ইডিয়ে।
উল্লেখ্য যে, কংগ্ৰেছ কাৰ্যালয়ৰ পৰা খোজকাঢ়ি ইডি কাৰ্যালয়ত উপস্থিত হৈছিল ৰাহুল গান্ধী । কংগ্ৰেছ সাংসদগৰাকীয়ে ইডিৰ সন্মুখীন হোৱাক লৈ আজি ৰাজধানী দিল্লী উত্তপ্ত হৈ পৰে। কংগ্ৰেছে ইডিৰ বিৰুদ্ধে সত্যাগ্ৰহ আন্দোলনৰ সূচনা কৰে।