ৰাজকন্যা বৰুৱা জামিন মঞ্জুৰ কৰা হ’ল । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে মডেল ৰাজকন্যাৰ জামিন । গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অজিত বৰঠাকুৰ আদালতে মঞ্জুৰ কৰে এই জামিন ।
উল্লেখ্যযোগ্য যে, ২০২১ চনৰ ১ অক্টোবৰত গুৱাহাটী মহানগৰীত সুৰাপান কৰি গাড়ী চলাই ৰাজপথত শ্ৰমিকক মহতীয়াই নিছিল ৰাজকন্যা বৰুৱাই । গুৱাহাটীৰ ৰুক্মিণীগাঁৱত নিশা সংঘটিত ভয়ংকৰ এই দুৰ্ঘটনাটো সংঘটিত হৈছিল।
এই ঘটনাটোত প্ৰায় ৮ জনকৈ শ্ৰমিকক মহতীয়াই নিছিল । ইপিনে জোচেফ মাৰাক নামৰ শ্ৰমিকগৰাকীৰ এখন ভৰি ঘটনাস্থলীতে বিচ্ছিন্ন হৈ গৈছিল । পৰৱৰ্তী সময়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছিল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শ্ৰমিক গৰাকী ।
মহামাৰীৰ বাবে জাৰি কৰা নৈশ সান্ধ্য আইনৰ মাজতেই সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনাটো । প্ৰথম অৱস্থাত দিছপুৰ আৰক্ষীয়ে মডেলগৰাকীক গ্ৰেপ্তাৰ কৰিছিল যদিও ২৪ ঘণ্টা নহওতেই লাভ কৰিছিল জামিন । পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত দিছপুৰ আৰক্ষীয়ে পুনৰ ৩৬১৯/২০২১ নম্বৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল ।ইফালে আজি ন্যায়ালয়ে ৫০ হাজাৰ টকা আমানত ধনৰ বিনিময়ত মডেল ৰাজকন্যা জামিন মঞ্জুৰ কৰে । উল্লেখ্য যে, ভাৰতীয় দণ্ডবিধি ২৭৯/৩৩৮/২৯৮/৩৫৩ ধাৰাত গ্ৰেপ্তাৰ হৈ বিগত পাঁচ মাহে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছিল ৰাজকন্যা ।