বলীউডত এতিয়া উখল-মাখল পৰিস্থিতি ৷ কিছুদিনৰ পৰাই ৰণবীৰ-আলিয়াৰ বিয়াৰ বাবে চলি আছে যথেষ্ট চৰ্চা। বিয়াখনক লৈ সাংঘাতিক চৰ্চা বলীউড জগতৰ লগতে অনুৰাগীসকলৰ মাজত ৷ বিয়াৰ আগমূহুৰ্তলৈকে কোনো ধৰণৰ ৰাজহুৱা জাননী নিদিলে ৷
কিন্তু পাপাৰাজীৰ পৰা সাৰি নগ’ল কোনো । তাৰকা দুগৰাকীৰ দুয়োখন ঘৰতে বিবাহ অনুষ্ঠানকলৈ চলা পূৰ্ণ প্ৰস্তুতিৰ পৰা আৰম্ভ কৰি বুধবাৰৰ মেহেন্দীৰ অনুষ্ঠানলৈকে সকলো খবৰ ৰাখিছে পাপাৰাজীয়ে ৷ সম্পূৰ্ণ কটকটীয়া নিৰাপত্তাৰ মাজত সম্পন্ন কৰা হৈছে বিবাহৰ পূৰ্বৰ অনুষ্ঠানসমূহ ৷এতিয়া সকলো উৎসুক হৈ পৰিছে বিয়াখনক লৈ ৷ উল্লেখ্য যে, ৰণবীৰ আৰু আলিয়াই বিয়াৰ পিছত থাকিবলগীয়া নতুনকৈ সজাই পৰাই লোৱা কৃষ্ণাৰাজ বাংলোৰ পৰা বাস্তুলৈ গমন কৰিছে তাৰ পৰাই ওলাই যাব বৰযাত্ৰী ৷