ইতিমধ্যে আৰম্ভ হৈছে হিমাচল প্ৰদেশৰ মানালীৰ বৰফাবৃত পৰ্বতমালাৰ মাজত ৰণবীৰ কাপুৰ আৰু ৰশ্মিকা মান্দনা অভিনীত এনিমেল ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম । শুকুৰবাৰে বাণিজ্য বিশ্লেষক তৰণ আদৰ্শে টুইটাৰযোগে ছবিখনৰ বিষয়ে এটাকিছু কথা ব্যক্ত কৰে । তেওঁ এখন ছবি আপলোড কৰিছিল য’ত ছবিখনৰ এজন সদস্যক ক্লেপাৰবোৰ্ড ধৰি থকা দেখা গৈছিল ।
তৰণে টুইটাৰত লিখে এনেদৰে ,ৰণবীৰ কাপুৰ-সন্দীপ ৰেড্ডী ভাংগা: ‘এনিমেল’ৰ শ্বুটিং আজিৰ পৰা আৰম্ভ হৈছে ৷
এনিমেল হৈছে এখন গেংষ্টাৰ ড্ৰামা ৷ সন্দীপ ৰেড্ডী ভাংগাৰ দ্বাৰা অভিনয় কৰা এনিমেলত অনিল কাপুৰ আৰু ববি দেওলেও অভিনয় কৰিছে । এইখন এটা অপৰাধমূলক নাটক ৷ আগন্তুক বৰ্ষৰ ১১ আগষ্টত মুক্তি পাব ছবিখনে ।