বিহু আৰু স্বদেশ অধ্যয়ন বিষয়টো শিক্ষা সংসদে কৰ্তন কৰিবলৈ লোৱাকলৈ ৰাজ্যজুৰি চলিছে তীব্ৰ প্ৰতিক্ৰিয়া। এই চৰ্চা অব্যাহত থকাৰ সময়তে দেওবাৰে শিৱসাগৰ আবৰ্ত ভৱনত এই সন্দৰ্ভত মন্তব্য আগবঢ়ালে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । বিহু বিষয়টো এতিয়ালৈকে বাদ দিয়া হোৱা নাই বা এই বিষয়ে কোনো নিৰ্দেশনা ওলোৱা নাই বুলি সদৰি কৰিলে শিক্ষামন্ত্ৰী গৰাকীয়ে ।
শিক্ষা সংসদত সম্প্ৰতি বিহুক কেন্দ্ৰক কৰি আলোচনা হৈছে । কাৰণ বিহু বিষয়টো ঐচ্ছিক বিষয় হিচাপে লোৱাত ছাত্ৰ ছাত্ৰী সকলৰ বিশেষ আগ্ৰহ দেখা নাই । সেয়ে এই বিষয়টো ন-ৰূপত সজাব পাৰি নেকি তাকলৈ এটা প্ৰস্তাৱ অসম চৰকাৰলৈ প্ৰেৰণহে কৰা হৈছে ৷ পিছে এই পৰ্যন্ত কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই বুলি তেওঁ সদৰি কৰে। যি সিদ্ধান্তৰ দ্বাৰা ছাত্ৰ ছাত্ৰী সকলক আমাৰ জাতি, সংস্কৃতি, বুৰঞ্জী, ভূগোলৰ সম্যক জ্ঞান দিব পৰা হ’ব, তেনে সিদ্ধান্ত অচিৰেই লোৱা হ’ব বুলি উল্লেখ কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে ।
ইপিনে যিবোৰ বিষয় অধ্যয়ন কৰিলে ছাত্ৰ ছাত্ৰীৰ লাভ হয়, নিয়োগৰ সম্ভাৱনা বাঢ়ে সেইবিলাক বিষয় নতুন ৰূপত সজাব পাৰি নেকি তাকলৈ চৰ্চা কৰি থকা হোৱা বুলিও জানিবলৈ দিয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷ একাদশ- দ্বাদশ শ্ৰেণীৰ বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী সকলে চতুৰ্থ বিষয় হিচাপে ৮৪ টা বিষয়ৰ পৰা এটা বাচনি কৰি ল’ব পাৰে । তাৰ ভিতৰতে বিহু বিষয়টোও আছে বুলি জানিব পৰা গৈছে ।
ইয়াৰোপৰি, বিহু অন্তৰ্ভুক্ত হোৱাৰ লগে লগে বড়ো সংস্কৃতি, ঐনিতমৰ এটা বিষয় হ’ব লাগে বুলিও দাবী আহি আছে বুলি কয় শিক্ষামন্ত্ৰীগৰাকীয়ে । পিছে দ্বাদশ শ্ৰেণীৰ পিছত কলেজত ছাত্ৰ-ছাত্ৰী সকলে সেই ধাৰাবাহিকতা কেনেকৈ ৰক্ষা কৰিব, বিহু বুলিটো কলেজ পৰ্যায়ত বিষয় নাই । কিন্তু পৰিৱেশ্য কলা হিচাপে যদি আমি একাদশ শ্ৰেণীৰ পৰাই এই বিষয় বিলাক সজাই নিও তেতিয়া সুবিধা হ’ব । কাৰণ পৰিৱেশ্য কলা বা Performing arts ৰ স্নাতক , স্নাতকোত্তৰ ডিগ্ৰীলৈকে পঢ়াৰ ব্যৱস্থা আছে । অথবা অসমৰ লোক কলা সংস্কৃতি বুলি বিষয় কৰিব পাৰি নেকি সেই বিষয়ে চৰ্চা কৰা হৈছে । কিন্তু সিদ্ধান্ত একো হোৱা নাই ” বুলি সদৰি কৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷