কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ পুৰণা নিৰ্মাণ শৈলী উদ্ধাৰৰ বাবে চলোৱা খননৰ সময়ত দেওবাৰে হয় পাতাল ভৈৰৱ কুণ্ড l
বিশ্ব ঐতিহ্য ক্ষেত্ৰত শিৱদ’লক অন্তৰ্ভূক্তকৰণৰ অংশ ৰূপে শিৱদ’লৰ পৰা আঁতৰোৱা হৈছে নতুন নিৰ্মাণ শৈলী । আঁতৰাই পেলোৱা হৈছে টাইলচকে ধৰি আধুনিক নিৰ্মাণ l
নিৰ্মাণকালৰ সময়ৰ শৈলী উদ্ধাৰৰ কাম চলি থকাৰ সময়তে পুনৰ উদ্ধাৰ পাতাল ভৈৰৱ কুণ্ড l আধুনিক নিৰ্মাণৰ নামত পুতি পেলোৱা হৈছিল এই পাতাল ভৈৰৱ কুণ্ড l
খনন চলাই থকাৰ মাজতেই ঐতিহাসিক শিৱদ’লৰ গৰ্ভ গৃহৰ ভিতৰত এটা ৰজাদিনীয়া কুণ্ড উদ্ধাৰ। উদ্ধাৰ হোৱা কুণ্ডত এতিয়াও আছে পানী। ইয়াৰ পৰাই পূজাৰীয়ে পানী তুলি পূজা গৃহলৈ লৈ গৈছিল বুলি অনুমান কৰা হৈছে। শিৱদ’ল আধুনীকৰণ কৰাৰ নামত পূৰ্বৰ কমিটিয়ে টাইলচ, মাৰ্বল লগাই দিছিল।
শিৱদ’লৰ পুৰণি ৰূপ দিবলৈ পূৰাতত্ব বিভাগে দ’লৰ গৰ্ভ গৃহৰ ভিতৰত নতুনকৈ প্ৰতিষ্ঠা কৰা শিৱ লিংগ, টাইলচ, মাৰ্বল, মূৰ্তি আদি উঠাই দিয়া হৈছে। যিহেতু শিৱদ’লক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে অন্তভুক্ত হোৱাৰ প্ৰক্ৰিয়া চলি আছে।