ব্ৰিটেইনৰ ৰাজনৈতিক ইতিহাসক সাক্ষী কৰি এখোজ দূৰত ৰৈ আছে ঋষি চুনাক, ব্ৰিটেইনৰ পৰৱৰ্ত্তী প্ৰধানমন্ত্ৰী হিচাপে ভাৰতীয় মূলৰ ঋষি চুনাকে দায়িত্ব গ্ৰহণ কৰিব বুলি প্ৰায় নিশ্চিত হৈছে । এতিয়া মাথো অপেক্ষা । ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ৰূপে নিৰ্বাচিত ঋষি সুনক ব্ৰিটেইনৰ প্ৰথমজন ভাৰতীয় মূলৰ প্ৰধানমন্ত্ৰী ঋষি । সোমবাৰে কনজাৰ্ভেটিভ পাৰ্টিৰ নেতা হিচাপে নিৰ্বাচিত হোৱা ঋষি সুনকক ব্ৰিটেইনৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে অতি সোনকালেই আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব।
পেনি মৰ্ডাউণ্টে এক টুইটযোগে ঘোষণা কৰে যে তেওঁ এই নিৰ্বাচনী প্ৰতিযোগিতাৰ দৌৰৰ পৰা আঁতৰি আহি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে সুনকক সমৰ্থন আগবঢ়াইছে।