কুঞ্জলতা কপৌফুল ফুলি আছে,নাহৰ,জানমণিকে ধৰি বিহু গীত গাই অসমীয়াৰ বাপতি সাহোন ৰঙালীক আদৰণী জনাইছে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতিয়ে।
টীয়কৰ,চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয় টীয়কৰ উদ্যোগত তথা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী মঞ্চ আৰু টীয়ক প্ৰেছ ক্লাৱৰ সহযোগত আয়োজন কৰা বহাগী মেলাত জনপ্ৰিয় বিধায়কগৰাকী উপস্থিত হৈ এইদৰে বিহুৰ বজাৰ কৰা পৰিলক্ষিত হয়।
উল্লেখযোগ্য যে মহাবিদ্যালয়ৰ প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰী সকলে নিজ হাতে প্ৰস্তুত কৰা দৈ,চিৰা,মুৰি,ক্ৰীমকে ধৰি বিভিন্ন হস্ত নিৰ্মিত সামগ্ৰী,ইলেক্ট্ৰনিক সামগ্ৰী,জনজাতীয় খাদ্য,বস্ত্ৰ,গহণাৰ বিপনীসমূহত পৰিদৰ্শন কৰি প্ৰতিখন বিপনীতে প্ৰয়োজন মতে সামগ্ৰী ক্ৰয় কৰি ছাত্ৰ ছাত্ৰী সকলক উৎসাহ দিবলৈ চেষ্টা কৰে বিধায়কগৰাকীয়ে লগতে মহাবিদ্যালয়ে ছাত্ৰ ছাত্ৰী সকলক এইদৰে সুবিধা প্ৰদান কৰাৰ মানসিকতাক শ্ৰদ্ধাৰে কৃতজ্ঞতা জনায়।