ইউক্ৰেইনত সামৰিক অভিযান অব্যাহত ৰাখিছে ৰাছিয়াই। যুদ্ধ নহয়। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বাৰে বাৰে এই দাবী কৰিছে। কিন্তু পশ্চিমীয়া যুদ্ধ বিশেষজ্ঞসকল নিশ্চিত যে পুটিনে যিকোনো মুহূৰ্তত যুদ্ধ ঘোষণা কৰিব পাৰে। তেওঁলোকে আশংকা কৰিছে যে পুটিনে ইউক্ৰেইনত আনুষ্ঠানিকভাৱে যুদ্ধ ঘোষণা কৰিবলৈ ৯ মে’ তাৰিখটো বাছনি কৰিব পাৰে।
ইতিমধ্যে ইউক্ৰেইনত সামৰিক অভিযানৰ ৭০ দিন অতিক্ৰম কৰিছে। যুদ্ধ বিশেষজ্ঞসকলে বিশ্বাস কৰে যে যদি পুটিনে ৯ মে’ত যুদ্ধ ঘোষণা কৰে, তেন্তে তেওঁৰ সম্পূৰ্ণ শক্তি ব্যৱহাৰ কৰিবলৈ আৰু কোনো বাধা নাথাকিব।
সামৰিক বিশেষজ্ঞসকলে লগতে কৈছে যে ৯ মে ৰাছিয়াৰ বাবে এক ঐতিহাসিক দিন। ৰাছিয়াই এই দিনটো “বিজয় দিৱস” হিচাপে উদযাপন কৰে। আৰু এই দিনটোত, তেওঁলোকে সমগ্ৰ বিশ্বৰ সমূখত তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰে। ১৯৪৫ চনৰ ৯ মে তাৰিখে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হিটলাৰৰ নাজী বাহিনী ছোভিয়েট ইউনিয়ন বাহিনীৰ হাতত পৰাজিত হৈছিল। তেতিয়াৰ পৰা, মস্কোৱে এই দিনটোক “বিজয় দিৱস” হিচাপে পালন কৰি আহিছে।
এইটো দিশৰ পৰা ৯ মেৰ দিনটোতেই ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।