ৰাছিয়াৰ বাহিনীয়ে পূৱ ইউক্ৰেইনৰ লুহানস্কৰ এখন বিদ্যালয়ত বোমা বিস্ফোৰণ কৰে। বিলোহোৰিভকা গাঁৱৰ বিদ্যালয়খনত কমেও ৯০ জন লোকে আশ্ৰয় লৈছিল বুলি জানিব পৰা গৈছে। এই বিস্ফোৰণত কমেও ৬০ জন লোকৰ মৃত্যুহোৱাৰ আশংকা কৰা হৈছে। ৮ মে’ তাৰিখে লুহানস্ক অঞ্চলৰ ৰাজ্যপাল চেৰহি গাইদাই এইদৰে মন্তব্য আগবঢ়াইছিল,”ৰাছিয়াৰ বাহিনীয়ে বিদ্যালয়খনত বোমা নিক্ষেপ কৰিছিল। দুটা মৃত্যুৰ খবৰ পোৱা গৈছে। ধ্বংসাৱশেষৰ পৰা ৩০ জন নাগৰিকক উদ্ধাৰ কৰা হৈছে।”
শনিবাৰে আবেলি বিদ্যালয়খনত আক্ৰমণ কৰিছিল ৰাছিয়াৰ বাহিনীয়ে। বিস্ফোৰণৰ পিছতে সেই স্থানত জুই লাগিছিল। পুনৰ গাইদাই কৈছিল,”প্ৰায় চাৰি ঘণ্টাৰ পিছত জুই নিয়ন্ত্ৰণলৈ অনা হৈছিল। তাৰ পিছত ধ্বংসাৱশেষটো পৰিষ্কাৰ কৰিছিল। দুৰ্ভাগ্যবশতঃ দুটা মৃতদেহ পোৱা গৈছিল। ধ্বংসাৱশেষৰ পৰা প্ৰায় ৩০ জন লোকক উদ্ধাৰ কৰা হৈছিল। তেওঁলোকৰ সাতজন আহত হৈছিল। ৬০ জন লোক এতিয়াও ধ্বংসস্তূপত আৱদ্ধ হৈ থকা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।”
ইউক্ৰেনে বাৰে বাৰে দাবী কৰিছে যে ৰাছিয়াইও ইয়াৰ অসামৰিক লোকসকলক আক্ৰমণ কৰি আছে। কিন্তু, ৰাছিয়াই এই দাবী নাকচ কৰিছে। আনহাতে, লুহানস্ক স্কুলৰ ক্ষেত্ৰত ইউক্ৰেইনৰ দাবী সচা বুলি আকৌ এবাৰ প্ৰমাণিত হৈছিল। ইফালে, যুদ্ধবিধ্বস্ত মাৰিয়পোলৰ পৰা বহুতো ইউক্ৰেনীৰ বাসীন্দা উদ্ধাৰ কৰা হৈছে। ইউক্ৰেইন চৰকাৰে কৈছিল যে শনিবাৰে ৰেড ক্ৰছ আৰু ৰাষ্ট্ৰসংঘৰ সদস্যসকলৰ উপস্থিতিত মাৰিয়পোলত থকা এটা তীখা প্ৰকল্পৰ পৰা কমেও ৩০০ জন লোকক উদ্ধাৰ কৰা হৈছিল।