পূৰ্বৰ ইউপিএ চৰকাৰে উত্তৰ-পূৱৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাছিল ।২০১৪ চনৰ পৰাহে উত্তৰ-পূৱৰ উন্নয়ন আৰম্ভ হৈছে । এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । ত্ৰিপুৰাৰ আগৰতলা বিজেপি কাৰ্যালয়ত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি পূৰ্বে কেন্দ্ৰত থকা কংগ্ৰেছ চৰকাৰক তীব্ৰ সমালোচনা কৰি এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।
ইপিনে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পাছতে এই অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰত উন্নয়ন সম্ভৱ হোৱা পৰিলক্ষিত হৈছে । কংগ্ৰেছ চৰকাৰে উত্তৰ পূৰ্বাঞ্চলক অৱহেলা কৰাৰ অভিযোগ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
বৰ্তমান উত্তৰ-পূৱৰ আটাইকেইখন ৰাজ্যই ভাৰতৰ মানচিত্ৰত সামৰ্থ আৰু শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে । কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয় যে, প্ৰধানমন্ত্ৰী মোডীয়ে উত্তৰ-পূবক ভাৰতৰ ‘অষ্ট লক্ষ্মী’ বুলি অভিহিত কৰিছে । মন্ত্ৰী সোণোৱালৰ মতে এতিয়া সকলো সম্পদ উত্তৰ-পূবত উপলব্ধ ।
ইপিনে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে উত্তৰ-পূবৰ আন ৰাজ্যসমূহৰ ভিতৰত ত্ৰিপুৰাও বহুক্ষেত্ৰত দ্ৰুতগতিত বিকাশ লাভ কৰিছে । মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ নেতৃত্বত ত্ৰিপুৰা চৰকাৰে বহুতো ক্ষেত্ৰত যথেষ্ট উন্নয়ন সাধন কৰিছে যাৰ বাবে অৰ্থনীতি দ্ৰুতগতিত বৃদ্ধি পাইছে ।