‘দ্যা কাশ্মীৰ ফাইলচ’ৰ নিৰ্দেশক বিবেক অগ্নিহোত্ৰী Y শ্ৰেণীৰ সুৰক্ষা প্ৰদান গৃহ মন্ত্ৰালয়ৰ। ইন্টাৰনেশ্যনেল ব্যুৰই জাৰি কৰা এক ৰিপোৰ্টৰ আধাৰত এই সুৰক্ষা প্ৰদান কৰে নিৰ্দেশকগৰাকীক। ইয়াৰ অৰ্থ এয়াই যে ভাৰতৰ যিকোনো প্ৰান্তত বিবেক অগ্নিহোত্ৰী গ’লে তেওঁৰ লগত চি আৰ পি এফ জোৱানো থাকিব।
Y কেটেগৰীৰ সুৰক্ষাত ৮ গৰাকী সুৰক্ষাকৰ্মীৰ দ্বাৰা লোকজনক সুৰক্ষা প্ৰদান কৰা হয়। যিগৰাকী ভিআইপিক সুৰক্ষা প্ৰদান কৰা হয় তেওঁৰ ঘৰৰ সন্মুখত ৫ জন অস্ত্ৰধাৰী গাৰ্ড দিয়া হয়। লগতে থাকে আন সেৱাও।
উল্লেখ্য যে, বিবেক অগ্নিহোত্ৰীৰ নিৰ্দেশত নিৰ্মাণ হোৱা দ্যা কাশ্মীৰ ফাইলচে সমগ্ৰ দেশতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এই ছবিখনে ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিত সকলৰ দুৰ্দশাৰ বিষয়ে দেখুৱাইছে। এই ছবিখনে মুক্তি লাভ কৰাৰ পাছতেই বহুতেই ইয়াৰ বিপক্ষেও মত পোষণ কৰিছিল।