ছিট্ৰাঙৰ ভয়াবহ ৰূপৰ আতংকিত হৈ পৰিছে চৌপাহ ।উৎসৱৰ বতৰত ছিট্ৰাঙে দেশবাসীক আতংকিত কৰি তুলিছে । প্ৰবল বৃষ্টিপাতত চৌদিশে ভয়াবহ ৰূপ ধাৰণ কৰিছে ।
পৰৱৰ্তী ১২ ঘণ্টাত, ছিট্ৰাঙে তীব্ৰ ঘূৰ্ণীবতাহৰ ৰূপ ল’ব বুলি প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই । বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা নিৰ্দেশনাত ছিট্ৰাঙে উত্তৰ আৰু পশ্চিমৰ ৰাজ্যসমূহত প্ৰভাৱ পেলাব ।
বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি ঘূৰ্ণীবতাহে বে অৱ বেংগলৰ পৰা ৩৮০ কিঃমিঃ বেগেৰে আহিছে। মঙলবাৰে পুৱা বাংলাদেশৰ বাৰিশালৰ ওচৰত টিংকোনাত প্ৰৱল ঘূৰ্ণীবতাহৰ আশংকা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বৰ্তমান, ছিট্ৰাং বাংলাদেশৰ পৰা ৫৪০ কিঃমিঃ দূৰত্বত আছে।
দেওবাৰে নিশাৰে পৰা পশ্চিমবংগত ভয়াৱহ ৰূপ লৈছে ছিট্ৰাঙে। দক্ষিণ বেংগলৰ লগতে পশ্চিমবংগৰ বহুকেইখন চহৰত প্ৰভাৱ পেলাইছে ছিট্ৰাঙে। অসমৰো বিভিন্ন স্থানত সোমবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে বৰষুণ। চেঁচা বতাহৰ লগতে বৰষুণে তিয়াইছে গুৱাহাটী মহানগৰীকো। ইপিনে অসমতো বৃষ্টিপাত বঢ়াৰ আশংকা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। দীপাৱলীৰ সময়ত আৰম্ভ হোৱা বৰষুণে দীপাৱলী উদযাপনতো প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে।