প্ৰতিবছৰে মে’ মাহৰ ৩১ তাৰিখটোত গোটেই পৃথিৱীতে “বিশ্ব ধঁপাত বিৰোধী দিৱস” হিচাপে পালন কৰা হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহে ১৯৮৭ চনৰ পৰাই এই দিৱসটো পালন কৰি আহিছে। “বিশ্ব ধঁপাতবিৰোধী দিৱস” পালন কৰাৰ উদ্দেশ্য হ’ল- ২৪ ঘণ্টাত যিকোনো ধঁপাত সেৱন কৰাটো বৰ্জন কৰিবলৈ জনগণক উৎসাহিত কৰা আৰু লগতে ধঁপাত গ্ৰহণৰ ফলত স্বাস্থ্যৰ ওপৰত পৰিব পৰা নানাধৰণৰ বিৰূপ প্ৰতিক্ৰিয়াসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰা।
উল্লেখ্য যে, বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদন অনুসৰি ধঁপাত সেৱনৰ ফলত প্ৰতিবছৰে গোটেই বিশ্বতে প্ৰায় ৮ মিলিয়নৰো অধিক লোকৰ মৃত্যু হয়। ইয়াৰে ভিতৰত ধঁপাত সেৱন কৰি ৭ মিলিয়ন লোকৰ আৰু ধঁপাতৰ সংস্পৰ্শলৈ আহি প্ৰায় ১.২ মিলিয়ন লোকৰ মৃত্যু হয়। বিশ্বৰ আটাইতকৈ জনবসতিপূৰ্ণ দেশ চীন চিগাৰেট উদ্যোগৰ শীৰ্ষস্থানত আছে। ২০১৪ চনত বিশ্বৰ মুঠ চিগাৰেটৰ ৩০% ৰো অধিক চীনত উৎপাদন আৰু সেৱন কৰা হৈছিল।
পৰোক্ষ ভাৱে ধূমপানৰ ধোঁৱাৰ ফলত প্ৰতিবছৰে প্ৰায় ৬০০,০০০ ৰো অধিক লোকৰ মৃত্যু হয়। এই ভুক্তভোগীসকলৰ প্ৰায় ২৮% ই শিশু। সেয়ে, বিশ্বৰ বহুতো চহৰ আৰু ৰাজ্যত ইতিমধ্যে ৰাজহুৱা ধূমপান নিষিদ্ধ কৰা হৈছে।
বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহে বিশ্বব্যাপী ধঁপাতৰ ফলত হোৱা ৰোগ আৰু মৃত্যুৰ প্ৰতিক্ৰিয়া হিচাপে ১৯৮৭ চনতে বিশ্ব বিৰোধী দিৱসৰ সৃষ্টি কৰিছিল। বিশ্ব স্বাস্থ্য সংস্থাই ১৯৮৭ চনত ডব্লিউ.এইচ.এ ৪০.৩৮ প্ৰস্তাৱ গৃহীত কৰিছিল আৰু ৭ এপ্ৰিলক “বিশ্ব ধূমপান বিৰোধী দিৱস” পালন কৰিবলৈ আহ্বান জনাইছিল। পিছত ১৯৮৮ চনত বিশ্ব ধঁপাত বিৰোধী দিৱস প্ৰতিবছৰে পালন কৰিবলৈ ৩১ মে’ তাৰিখটো নিৰ্ধাৰণ কৰি জাৰী কৰা প্ৰস্তাৱ ডব্লিউ.এইচ.এ. ৪২.১৯ পিছলৈ গৃহীত কৰা হৈছিল।