- ৰাজ্যত দিনে দিনে ড্ৰাগছ আসক্তৰ সংখ্যা বাঢ়ি গৈছে।
- এইবাৰ বৰপেটাৰোডত সংঘটিত হৈছে এক জঘন্য ঘটনা।
- বৰপেটাৰোডৰ বালাভিঠাত ড্ৰাগছ সেৱন কৰাৰ বাবে পিতৃয়ে পুত্ৰক টকা নিদিয়াত ঘৰ জ্বলাই দিলে নিচাসক্ত পুত্ৰই।
- সদায়ে সুৰা, ড্ৰাগছ, ভাং,গাঞ্জা আদি নিচাযুক্ত সামগ্ৰী সেৱন কৰি মাতাল হৈ থকা পুত্ৰ কৃষ্ণ দাসে ঘৰৰ বিভিন্ন সা-সামগ্ৰী বিক্ৰী কৰি দিয়া বুলিও পিতৃ-মাতৃয়ে অভিযোগ উত্থাপন কৰে।
- নিচাজাতীয় দ্ৰব্য সেৱন কৰি নিজৰ পিতৃ-মাতৃ ভগ্নীক মাৰপিট কৰে।
- জানিব পৰা মতে, পুত্ৰই নিচাযুক্ত সামগ্ৰী সেৱন কৰিবলৈ পিতৃক পাঁচ হাজাৰ টকা বিচাৰিছিল। পিতৃয়ে উক্ত টকাখিনি নিদিয়াত ঘৰত জুই লগাই দিয়ে পুত্ৰই।
- পিতৃ প্ৰেম দাসে নিজ পুত্ৰ কৃষ্ণ দাসৰ বিৰুদ্ধে বৰপেটাৰোড আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।