বৃহস্পতিবাৰে সন্ধিয়া SAJ ENTERTAINMENTৰ উদ্যোগত বৰষুণ (song for rain) নামেৰে নিৰ্মিত অসমীয়া কথাছবিখনৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হয় । টীয়কৰ বিষ্ণুজ্যোতি কলামণ্ডলৰ প্ৰেক্ষাগৃহত প্ৰথমটো সীমিত প্ৰিমিয়াৰ ।
ছবিখনৰ প্ৰযোজক জেমিনী ফুকন,অনুজ শংকৰ বৰুৱা,অভিনেতা দ্বীপজ্যোতি কলিতা,অভিনেত্ৰী মৈত্ৰেয়ী দাস,ওমৰাজ শইকীয়াকে প্ৰমুখ কৰি ভালেসংখ্যক অভিনেতা অভিনেত্ৰী তথা কলা কৌশলী উপস্থিত থাকে।
উল্লেখযোগ্য যে টীয়কৰ সন্তান যুৱ পৰিচালক কৃষ্ণ কান্ত বৰাই পৰিচালনা কৰা এই ছবিখন গাঁৱৰ পটভূমি আৰু থলুৱা শিল্পীৰ সমাহাৰে নিৰ্মিত।কোনো ধৰণৰ পেচাদাৰী শিল্পীৰ সহায় নোলোৱাকৈ প্ৰস্তুত কৰা এই ছবিখন কালিলৈ সমগ্ৰ অসমতে মুক্তি লাভ কৰিব।
ক’ভিডৰ পৰিবেশৰ মাজতে যুৱ পৰিচালকজনে অনেক কষ্টৰ মাজেদি টীয়ক অঞ্চলৰ বিভিন্নজনক লৈ ছবিখন নিৰ্মাণ কৰি সমগ্ৰ ৰাজ্যৰ সাংস্কৃতিক জগতত এক নতুন সংযোজন কৰি টীয়কলৈ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে ছবিখনে ইতিমধ্যে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভুয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে।