২৭ ঘণ্টীয়া অস্ত্ৰোপ্ৰচাৰত সফলতা চিকিত্সকদলৰ। দুটা মূৰ সংলগ্ন হৈ থকা অৱস্থাত ব্ৰাজিলৰ এটা পৰিয়ালত জন্ম লাভ কৰা দুই কনমানিৰ আজি সফলতাৰে অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হয়।
ব্ৰাজিলৰ বাৰ্নাৰ্ডো আৰু আৰ্থাৰ লিমাৰ নামৰ দুই কনমানিৰ মূৰ জন্মৰে পৰা সংলগ্ন হৈ আছিল। দুয়োটিৰে বৰ্তমান বয়স ৩ বছৰ। গ্ৰেট আৰমণ্ড ষ্ট্ৰীট হস্পিটালৰ শল্য চিকিত্সক ডাঃ নুৰ উল ওৱাছ জিলানিৰ তত্বাৱধানত এই কঠিন অস্ত্ৰোপচাৰটো সফলতাৰে সম্পন্ন হয়। অস্ত্ৰোপ্ৰচাৰ সফলতাৰে সম্পন্ন হলেও অৱশ্যে বৰ্তমানলৈ সংজ্ঞাহীন হৈ আছে দুয়োটি শিশু।
উল্লেখ্য যে, এই কঠিন অস্ত্ৰোপ্ৰচাৰত প্ৰায় ১০০ গৰাকী চিকিত্সকে অংশগ্ৰহণ কৰে। এতিয়ালৈকে সম্পন্ন হোৱা আটাইতকৈ জটিল পৃথকীকৰণ প্ৰক্ৰিয়াবোৰৰ ভিতৰত এই অস্ত্ৰোপ্ৰচাৰটো অন্যতম বুলি স্বীকৃতি লাভ কৰে।