ঐতিহাসিক শিৱসাগৰ দিখৌ দলঙৰ তলেৰে বৈ যোৱা দিখৌ নদীৰ বৰণ সলনি হোৱাক লৈ চাঞ্চল্য। বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনে বিগত এটা পষেক ধৰি অব্যাহত থকা বৰষুণৰ মাজতেই এইবাৰ দিখৌ নদীত পৰিলক্ষিত হৈছে এক অস্বাভাৱীক পৰিৱৰ্তন । নৈ পৰীয়া জল জীৱনণত অভ্যস্ত হৈ পৰা সাধাৰণ ৰাইজকো দিখৌ নদীৰ জলৰাশীৰ এই অস্বাভাৱিক পৰিৱৰ্তনে কৌতূহলতাৰ লগতে আতংকৰো সৃষ্টি কৰিছে ৷
বিশেষকৈ মাত্ৰ ৪৮ ঘন্টাৰ পুৰ্বে দিখৌ নদীত অস্বাভাৱিক গতিত ঘোলা পানী অহাৰ লগতে ভয়ংকৰ ৰূপত উপঙি উঠিছিল থলুৱা প্ৰজাতিৰ প্ৰকাণ্ড মাছ সমুহ ৷ দিখৌ নদীত ঘোলা পানীৰ সমানে উপঙি উঠিছিল হাজাৰ হাজাৰ কুইন্টল থলুৱা মাছ ৷ উল্লেখ্য যে,উপঙি উঠা প্ৰকাণ্ড,প্ৰকাণ্ড লিঠা,বৰালী,আৰি,বাহু,পিঠিয়া মাছ ধৰিবলৈ দিখৌ নদীত জনতাৰ ভিৰ লাগিছিল ৷
নদীৰ গৰাৰ কাষত লাখ লাখ টন কয়লা জমা কৰি থোৱা আছে ৷ ফলত বাৰিষাৰ সময়ত বৰষুণৰ পানীৰ সৈতে কয়লাৰ পৰা নিগৰিত পানী একাকাৰ হৈ নদীত বিষক্ৰিয়া ঘটিয়েই এনেদৰে থলুৱা মাছ উপঙি উঠা বুলি সন্দেহ আশংকাক লৈ চৰ্চা অব্যাহত থকাৰ সময়তেই এইবাৰ দিখৌ নদীয়ে হঠাতেই সলনি কৰিলে নিজৰ বক্ষৰ পানী ৷ ছাই মিহলি ঘোলা পানীৰ পৰিৱৰ্তে হঠাত দিখৌ নদীৰ জলৰাশি উগ্ৰ গাঢ় সেউজীয়া বৰণৰ হৈ পৰাক লৈয়েই সৃষ্টি হৈছে এই চাঞ্চল্যৰ ৷
ইফালে নদীৰ ওপৰতেই জীৱন জীৱিকা নিৰ্ভৰশীল নদীপৰীয়া ৰাইজৰ মাজত এই অস্বাভাৱিক ঘটনাই আতংক,কৌতহূলৰ লগতে উৎসুকতাৰ সৃষ্টি কৰিছে ৷ কিয়নো নদীৰ পানীৰ ওপৰতেই দৈনন্দিন কাম কাজ নিৰ্ভৰশীল পৰিয়াল সমুহে অজান আশংকাত এই পানী খোৱাৰ লগতে ব্যৱহাৰ কৰাৰ পৰাওঁ বিৰত আছে ৷ হঠাত নদীখনৰ অস্বাভাৱীক জলৰাশিৰ ৰঙ সলনি হোৱাক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
অৱশ্যে কি কাৰণত নদীৰ পানীয়ে এনে অস্বাভাৱিক বৰণ লৈছে সেই সন্দৰ্ভদ ৰাইজৰ মাজত কোনো স্পষ্ট কাৰণ বা ভিত্তি নাই যদিওঁ সচেতন মহলে এইয়া অৱৈধ কয়লা খনন,মজুদ কৰণৰ ফলত সৃষ্টি হোৱা বিষক্ৰিয়াৰ অংশ বিশেষ বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে শিৱসাগৰ জিলাখনৰে জীৱন ৰেখা স্বৰুপ চিৰ যৌৱনা খৰশ্ৰোতা দিখৌ নদীত অব্যাহত থকা এই অস্বাভাৱিক পৰিৱৰ্তন স্বাভাৱিকতেই চিন্তা আৰু উদগৰ কাৰণ হৈ পৰিছে ৷ সচেতন মহলে তাৎক্ষণিকভাৱে চৰকাৰ প্ৰশাসনক দিখৌ নদীত পৰিলক্ষিত হোৱা অস্বাভাৱীক হোৱা পানীৰ বৰণ পৰিৱৰ্তণৰ আঁৰত ৰাসায়নিক বিষক্ৰিয়া নে স্বাভাৱিক পৰিৱৰ্তণ সেই সন্দৰ্ভদ স্থিতি স্পষ্ট কৰিবলৈ আহব্বান জনাইছে ৷