সদ্যপ্ৰয়াত অষ্ট্ৰেলিয়ান স্পীনাৰ শ্বেন ৱাৰ্ণ সম্পৰ্কে এক বিশেষ মন্তব্য কৰিছে কিংবদন্তি ভাৰতীয় ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে ৷ তেওঁ কয় যে, ৱাৰ্ণে তেওঁৰ ক্ৰীড়া জীৱনত যাদুকৰী বল কৰিছিল আৰু তেওঁ এক কঠিন কলাও আয়ত্ব কৰি লৈছিল ৷ কিন্তু অষ্ট্ৰেলিয়াৰ কিংবদন্তি বলাৰজনক মহান স্পীনাৰ আখ্যা দিব নোৱাৰি বুলি প্ৰকাশ কৰে।
১৯৯২ চনৰ ক্ৰিকেটত অভিষেক ঘটা ৱাৰ্ণে লেগ-স্পীনৰ দ্বাৰা ১৪৫ খন টেষ্ট মেচত ৭০৮ টা উইকেট দখল কৰিছিল ৷ এদিনীয়া খেলত ১৯৪ খন মেচত তেওঁ দখল কৰিছিল ২৯৩ টা উইকেট ৷ যেতিয়া গাভাস্কাৰক সোধা হৈছিল অষ্ট্ৰেলিয়ান বলাৰগৰাকী তেওঁ দেখা সৰ্বশ্ৰেষ্ঠ স্পিনাৰ নেকি, তেতিয়া ভাৰতৰ প্ৰাক্তন অধিনায়কজনে ভাৰতৰ স্পিনাৰ আৰু শ্ৰীলংকাৰ প্ৰাক্তন বলাৰ মুথিয়া মুৰলীধৰণক ৱাৰ্ণতকৈ অধিক মূল্যাংকন কৰিছিল ৷
তেওঁ এই প্ৰসংগত কৈছিল যে, মই তেনেকৈ নাভাৱো ৷ মোৰ বাবে শ্বেন ৱাৰ্ণতকৈ ভাৰতীয় স্পীনাৰ আৰু মুথিয়া মুৰলীধৰণহে শ্ৰেষ্ঠ ৷ কাৰণ ভাৰতৰ সৈতে গঢ়া শ্বেন ৱাৰ্নৰ অভিলেখ অতি সাধাৰণ ৷ উল্লেখ্য যে, 52 বছৰ বয়সত যোৱা শুকুৰবাৰে থাইলেণ্ডৰ কহ চামুইত মৃত্যুক আঁকোৱালি লয় শ্বেন ৱাৰ্ণে ৷