পুনৰ প্ৰতিবাদত নামিব টাই আহোম যুৱ পৰিষদ । উল্লেখ্য যে, টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি প্ৰতাৰণা কৰা অভিযোগ উত্থাপিত হয় বিজেপি চৰকাৰৰ বিৰুদ্ধে ৷
বিগত নিৰ্বাচনসমূহত জনজাতিকৰণৰ বিষয়টোক নিৰ্বাচনৰ ইচ্ছু হিচাপে লৈ নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱা বিজেপি চৰকাৰৰ
বিৰুদ্ধে এইবাৰ দিল্লীত গৈ প্ৰতিবাদ সাব্যস্ত কৰিব টাই আহোম যুৱ পৰিষদে ৷
চৰাইদেউ জিলাৰ সোণাৰি নগৰৰ গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা স্মৃতি ভৱনত এক সংবাদমেলত এই কথা প্ৰকাশ কৰে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰৰ লগতে বিষয়ববীয়া সকলে।
অহা ১৫ মাৰ্চত দিল্লীত সাজু হৈছে টাই আহোম যুৱ পৰিষদ। টাই আহোমসকলক জনজাতিকৰণ কৰাৰ দাবীত সংগঠনটোৱে দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব।