গণতন্ত্র দিৱসৰ শুভ ক্ষণতেই এটা ভাল খবৰ। ৰাজ্যৰ মানচিত্ৰত আজিৰে পৰা সংযোজিত হ’ল তামুলপুৰ জিলা । দেশৰ ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰাৰ পাছতেই তামুলপুৰক জিলা হিচাপে ঘোষণা কৰিলে ৰাজ্য চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৷
উল্লেখযোগ্য যে, তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত জিলাখনৰ প্ৰথম গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰাৰ পাছতে আৰক্ষী আৰু বেটেলিয়ন জোৱানসকলৰ পেৰেডৰ অভিবাদন গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷
প্ৰশাসনিকভাৱে তামুলপুৰ জিলা হিচাপে ঘোষণা হোৱাৰ পাছতে তামুলপুৰত আনন্দৰ জোৱাৰ উঠিছে ৷ ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক সকলোৱে ধন্যবাদ জ্ঞাপন কৰে ।