অসমৰ জনপ্ৰিয় বেচৰকাৰী ৰক্তদান সন্থা টীম হিউমেনিটিৰ উদ্যোগত আৰু সুবাসৰ সহযোগত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ৰক্তভড়াল কৰ্তৃপক্ষৰ জড়িয়তে আজি টীয়কৰ বৰা বজাৰ প্ৰাংগণত এটি স্বেচ্ছাসেৱী ৰক্তদান শিবিৰ আৰু সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
উক্ত ৰক্তদান শিবিৰত টীয়ক অঞ্চলৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫০জনৰো অধিক ব্যক্তিয়ে ৰক্তদান কৰে।যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ৰক্তভড়ালৰ ভাৰপ্ৰাপ্ত বিষয়া ডা: বিদিত কুমাৰ গগৈ উক্ত শিবিৰত উপস্থিত থাকি সকলোকে উৎসাহিত কৰাৰ লগতে ৰক্তদান যে মহান দান আৰু এই ৰক্তদানে যে বহুতকে জীৱনদান দিব পাৰে তাৰ ওপৰত সজাগতা অনাৰ প্ৰয়াস অব্যাহত ৰাখে আৰু সকলোকে স্ব-ইচ্ছাৰে ৰক্তদান কৰিবলৈ আহ্বান জনায়।
উল্লেখযোগ্য যে, ২০১৫ চনত যোৰহাট জিলাৰ কেইগৰাকীমান যুৱকে ৰাইজৰ সুবিধাৰ্থে গঠন কৰা টীম হিউমেনিটিয়ে ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২০০০০ ৰোগীক বিনামূল্য ৰক্তদান কৰাৰ লগতে এই পৰ্যন্ত সমগ্ৰ অসমৰ প্ৰায় ৭৪০০০ সদস্য এই টীমৰ অন্তৰ্ভূক্ত হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।