আজিৰে পৰা গুৱাহাটীৰ চানমাৰিৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত আৰম্ভ হ’ল অসম গ্ৰন্থ মেলা। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত হৈছে এইবাৰৰ অসম গ্ৰন্থমেলা।
১২ দিন ধৰি অনুষ্ঠিত হ’বলগীয়া এই গ্ৰন্থ মেলাত এইবাৰ ৰাজ্যৰ লগতে বহিঃৰাজ্য আৰু বিদেশৰ মুঠ ১৫০ খন বিপণীয়ে অংশগ্ৰহণ কৰিছে।
আজি বিয়লি অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে গ্ৰন্থমেলা খন উদ্বোধন কৰে। উদ্বোধনী ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে, “কিতাপ পঢ়া মানে মনৰ প্ৰশান্তি। গ্ৰন্থৰ মাজত নিজকে বিলীন কৰিব পাৰিলে অন্তৰাত্মাক পুনৰাৱিস্কাৰ কৰিব পৰা যায়। সেয়েহে আমি কিতাপ পঢ়া সংস্কৃতি গঢ়িব লাগিব”।
অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়া, অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননীগোপাল মহন্তৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল আজিৰ উদ্বোধনী সভাত। এই অনুষ্ঠানতে অসম প্ৰকাশন পৰিষদে ডাঃ নন্দিতা দেৱীক তেওঁৰ ‘বঙল বহু দূৰ’ নামৰ উপন্যাসখনৰ বাবে ২০২১ বৰ্ষৰ ‘প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২০২১’ প্ৰদান কৰে।
গ্ৰন্থ মেলাৰ প্ৰথম দিনটোতে বহু কেইখন গ্ৰন্থ উন্মোচনৰ কৰা হয়। সন্ধিয়া ৫-৩০ বজাৰ পৰা আৰম্ভ হোৱা আজিৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী পবিত্ৰ মাৰ্ঘেৰিটাই।