মহানগৰীত যৌতুকৰ বাবেই সংঘটিত হৈছে ভয়ংকৰ ঘটনা। সাধাৰণ যৌতুকৰ বাবেই পত্নীক হত্যাৰ চেষ্টা স্বামীৰ। ফটাশিল আমবাৰীৰ চেগুণবাৰীত সংঘটিত হৈছে এই ঘটনা।
উল্লেখ্য যে,পত্নীক হত্যাৰ চেষ্টা প্ৰদীপ তালুকদাৰ নামৰ লোকজনৰ। বৰ্তমান জি এম চি এইচৰ ICU ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে মহিলাগৰাকী।
ইতিমধ্যে ফটাশিল আমবাৰী থানাত প্ৰদীপ তালুকদাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে । প্ৰদীপ তালুকদাৰৰ পৰিয়ালৰ বিৰুদ্ধেও নিৰ্যাতন চলোৱাৰ অভিযোগ কৰিছে মহিলাগৰাকীৰ পৰিয়ালে।