আজি চাৰি বহাগ। আজিৰ দিনটো ৰাজ্যজুৰি পালন কৰা হয় নাঙল বিহু হিচাপে।
অসমীয়া খেতিয়কসকলে বিশেষ ভাৱে নাঙল বিহু উদযাপন কৰা দেখা যায়। কৃষিপ্ৰধান বৃহত্তৰ অসমীয়া জাতিটোৰ কৃষিকাৰ্যত ব্যৱহৃত বিভিন্ন সা-সজুঁলিৰ নামত বহাগৰ এই চতুৰ্থ দিনটো উৎসৰ্গিত হয় ৷ নাঙল বিহুৰ তাৎপৰ্য হ’ল- বহাগ বিহুৰ ৰং-ধেমালিৰ অন্তত পথাৰ উপচোৱা বৰষুণজাকৰ সৈতে খেতিৰ বাবে পথাৰত নমাৰ পূৰ্বে কৃষিকাৰ্যত ব্যৱহাৰ হোৱা সা-সজুঁলিসমূহৰ ওচৰত চাকি বন্তি জ্বলাই বছৰটোৰ সমৃদ্ধি কামনা কৰা।
সমগ্ৰ ৰাজ্যৰ লগতে আজি টীয়কতো নাঙল বিহুৰ পৰম্পৰা পালন কৰা দেখা গৈছে। টীয়কৰ বনাই অঞ্চলৰ কৃষকে নিজৰ পৰম্পৰা ৰক্ষা কৰি নাঙল বিহু পালন কৰিছে৷ নাঙল, যুঁৱলি, মৈ আদি কৃষিকাৰ্যত ব্যৱহৃত সজুঁলি সমূহ নুৱাই-ধোৱাই, চাকি-ধূপ জ্বলাই সেৱা জনাই বছৰটোত যেন খেতি-খোলা ভাল হয় তাৰ কামনা কৰে। বৰ্তমান নাঙলৰ ব্যৱহাৰ হ্ৰাস পাইছে যদিও নিজৰ পৰম্পৰা উত্তৰ প্ৰজন্মক চিনাকি কৰি দিয়াৰ উদ্দেশ্যে এইদৰে নাঙল বিহু উদযাপন কৰা হৈছে বুলি মন্তব্য কৰিছে কৃষক সমাজে।