১২ এপ্রিলত লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰত মুকলি কৰা হ’ব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো পাইলট প্ৰশিক্ষণ কেন্দ্র ৷ এই পাইলট প্ৰশিক্ষণ কেন্দ্রটো আনুষ্ঠানিকভাৱে মুকলি কৰিব কেন্দ্রীয় অসামৰিক বিমান পৰিবহন দপ্তৰৰ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই । অনুষ্ঠানটোত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।
বন্দৰৰেড বাৰ্ড ফ্লাইট ট্ৰেইনিং একাডেমীয়ে পৰিচালনা কৰা এই কেন্দ্রটোত বিমান সেৱাৰ লগত জড়িত সকলো কৰ্মচাৰীৰ প্ৰশিক্ষণৰ ব্যৱস্থা থাকিব ৷ অৱশ্যে প্ৰথম অৱস্থাত কেৱল পাইলটৰ প্ৰশিক্ষণ কেন্দ্রটোহে মুকলি কৰা হ’ব ।
পৰৱৰ্তী সময়ত সকলো সেৱাৰে প্ৰশিক্ষণ দিয়া হ’ব এই কেন্দ্রটোত ।উল্লেখ্য যে, বৰ্তমান অসামৰিক বিমান সেৱা চলি থকা এই বন্দৰটোত যুদ্ধকালীন পৰিস্থিতিত তৎকালীনভাৱে সামৰিক ঘাটিলৈ পৰিৱৰ্তন কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে । চুখৈ যুঁজাৰু বিমানৰ উৰণ অৱতৰণ কৰি বিমান বন্দৰটো সামৰিক বন্দৰৰূপে ব্যৱহাৰ কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে । পাইলট প্ৰশিক্ষণ কেন্দ্রটো স্থাপনৰ ফলত গুৰুত্ব বৃদ্ধি পাইছে লীলাবাৰী বিমান বন্দৰৰ ।