এখন ফটোৱে বৰ্তমান ছচিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰিছে । এই ফটোখন হৈছে এখন প্ৰমান পত্ৰৰ,য’ত লিখা আছে ফাৰ্মাচিউটিকেল কোম্পানী হিমালয়ই ইয়াৰ সামগ্ৰীবোৰত হালাল-প্ৰমাণিত মাংস ব্যৱহাৰ কৰে। ফটোখনত দাবী কৰা হৈছে যে কোম্পানীটোৱে হালাল সামগ্ৰী গ্ৰহণ কৰাৰ মুছলমানসকলৰ দায়বদ্ধতা পূৰণ কৰাৰ বাবে ভেষজ, ৰাসায়নিক,খাদ্য ৰঙৰ সামগ্ৰীৰ হালালনেছ বজাই ৰাখে। ই আৰু দাবী কৰে যে কোম্পানীৰ সামগ্ৰীবোৰে ইছলামিক আইন/চৰিয়া অনুসৰণ কৰে আৰু ইছলামিক আইনৰ অধীনত যিকোনো নিষিদ্ধ উপাদানৰ পৰা মুক্ত।
পোষ্টটো টুইটাৰত ভাইৰেল হোৱাৰ লগে লগে কোম্পানীটোৱে এই বিষয়ত স্পষ্টীকৰণ জাৰী নকৰালৈকে তেওঁলোকে হিমালয়ৰ সামগ্ৰী বৰ্জন কৰিব বুলি উল্লেখ কৰি কোম্পানীটোৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰে। টুইটাৰত হিমালয় ইণ্ডিয়াক টেগ কৰি,এজন ব্যৱহাৰকাৰীয়ে কোম্পানীটোক অতি পলম হোৱাৰ আগতে বিষয়টো স্পষ্ট কৰিবলৈ কৈছিল আৰু মানুহে বৈকল্পিক সামগ্ৰী ব্যৱহাৰ কৰা আৰম্ভ কৰিছিল।
অৱশ্যে ছ’চিয়েল মিডিয়াত এনে ধৰণৰ পোষ্ট ভাইৰেল হোৱাৰ এইটো প্ৰথম ঘটনা নহয়। ইয়াৰ আগতে ২০২১ ৰ জুলাই মাহত কেইবাজনো ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে এটা দাবী কৰিছিল য’ত হিমালয় ড্ৰাগ কোম্পানীৰ নিম,তুলসী আৰু লাচুনা পৰিপূৰকত হালাল-প্ৰমাণিত মাংস থাকে বুলি পৰামৰ্শ দিয়া হৈছিল।
ই লগতে দাবী কৰিছিল যে হিমালয়ৰ প্ৰসাধন সামগ্ৰী, তুলসী, আৰু নিম কেপচুলৰ খোলা জিলেটিনৰ পৰা প্ৰস্তুত কৰা হয় যি গৰু বা গাহৰিৰ পৰা লাভ কৰা আৰু হালাল প্ৰমাণিত।
হালাল প্ৰমাণপত্ৰ কি?
হালাল প্ৰমাণপত্ৰ চৰকাৰে কেইবাখনো ইছলামিক ৰাষ্ট্ৰত জাৰী কৰে। ভাৰতৰ বহুতো ব্যক্তিগত কোম্পানীয়ে হালাল প্ৰমাণপত্ৰ প্ৰদান কৰে, যি প্ৰমাণিত কৰে যে খাদ্য বা সামগ্ৰীবোৰ মুছলমানসকলৰ বাবে উপযুক্ত। যিহেতু প্ৰসাধন আৰু ফাৰ্মাচিউটিকেলত পশুৰ উপ-সামগ্ৰী অন্তৰ্ভুক্ত থাকে, সেইবোৰৰ বাবে হালাল প্ৰমাণ পত্ৰৰ প্ৰয়োজন।
সুগন্ধিত সুৰা থাকে, গাহৰিৰ চৰ্বি লিপষ্টিক আৰু ওঁঠৰ বামত ব্যৱহাৰ কৰা হয়, আৰু প্ৰসাধন সামগ্ৰীবোৰত গাহৰি, মুৰ্গী, ছাগলী আৰু অন্যান্য জন্তুৰ উপ-সামগ্ৰী ব্যৱহাৰ কৰা হয়, যাৰ সকলোবোৰই ইছলামিক আইনৰ দ্বাৰা হালাম বুলি গণ্য কৰা হয়। ফলস্বৰূপে, হালাল-প্ৰমাণিত প্ৰসাধন সামগ্ৰী আৰু ফাৰ্মাচিউটিকেলে কেৱল সূচায় যে সেইবোৰত মুছলমানসকলৰ বাবে নিষিদ্ধ কোনো উপাদান অন্তৰ্ভুক্ত নহয়।
কোম্পানীবোৰে তেওঁলোকৰ সামগ্ৰীৰ বাবে হালাল প্ৰমাণপত্ৰ সুৰক্ষিত কৰি আছে যাতে সেইবোৰ ইছলামিক দেশলৈ ৰপ্তানি কৰিব পৰা যায়।