পূৰ্বৰে পৰা চলি অহা পৰম্পৰাৰ দৰে চলিত বৰ্ষত জাক জমকতাৰে উদযাপন কৰিব পৰা নাই জোনবিল মেলা। খুব অনুষ্টুপীয়াকৈ ঐতিহাসিক জোনবিলৰ পাৰত শুকুৰবাৰে পুৱা প্ৰতিকী ৰূপত ঐতিহাসিক বিনিময় মেলা শুভ উদ্বোধন কৰে তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে ।
ইফালে, শুকুৰবাৰে পুৱাৰ ভাগত বিনিময় প্ৰথা, জোনবিলৰ পৰম্পৰাগত মৎস্য চিকাৰ কৰাৰ বিপৰীতে দুপৰীয়াৰ ভাগত ৰাজদৰবাৰ চলাৰ কথা আছে । এই দৰবাৰত মধ্য অসমৰ ১৮ জনকৈ প্ৰতিকী ৰজাক ভাট্টা প্ৰদান কৰিব মন্ত্ৰী পীযুষ হাজৰিকাই । এই অনুষ্ঠানত উপস্থিত থাকিব মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী জীৱন চন্দ্ৰ কোঁৱৰ ।